নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেটঃ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা দাখিল বিত্তমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শুকুৰবাৰে সোণোৱালৰ চৰকাৰ কাৰ্যকালৰ শেষৰখন ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিধানসভাত বাজেট দাখিলৰ আৰম্ভণিতে পাঁচটাকৈ বছৰ বিত্তমন্ত্ৰীৰূপে থাকি বাজেট দাখিল কৰিবলৈ দিয়া সুবিধাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১৮খন ধ্বজাবাহী আঁচনিৰ বিষয়ে সদনত অৱগত কৰিবলৈ গৈ বিত্তমন্ত্ৰীগৰাকীয়ে এই আঁচনিসমূহক ‘অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ নামেৰে অভিহিত কৰা হৈছে বুলি উল্লেখ কৰে ।

এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাত বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা আঁচনি সমূহ হৈছে –

১. নুমলীগড় ৰিফাইনেৰী লিমিটেডত অসম চৰকাৰৰ অংশ বৃদ্ধি – বৰ্তমান নুমলীগড় শোধনাগাৰত থকা চৰকাৰৰ ১২.৩৫ শতাংশ অংশীদাৰিত্ব বৃদ্ধি পাব ২৬ শতাংশ লৈ ।

২. অন্নযোজনা – অন্নযোজনাৰ বাবে চৰকাৰে আৱণ্টিত কৰিব ৪৭২ কোটি টকা । ৫১,৩৯,০০০ লোকে লাভ কৰিব বিনামূলীয়া চাউল ।

৩. জ্যোতিষ্মান অসম – এই আঁচনিৰ জৰিয়তে নিম্ন মধ্যবিত্ত লোকসকল বিজুলী ব্যৱহাৰৰ ক্ষেত্ৰত সকাহ দিবলৈ সক্ষম হ’ব চৰকাৰ । মাহিলী ৩০ ইউনিট পৰ্যন্ত বিজুলী ব্যৱহাৰ কৰা সকলো পৰিয়াললৈকে বিনামূলীয়া বিজুলী যোগান ধৰা হ’ব ।
লগতে মাহিলী ১২০ ইউনিটলৈ বিজুলী ব্যৱহাৰ কৰা সকলৰ বাবে প্ৰতি ইউনিটত ১.০১ টকা হাৰত আগবঢ়োৱা হ’ব ৰাজসাহাৰ্য ।

৪. নৱকল্পিতা ‘স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনা’ (স্বয়ম) – এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ২,০০,০০০ যুৱক-যুৱতীক সামৰি লোৱাৰ লগতে প্ৰতিজন সদস্যৰ বিপৰীতে ৫০,০০০ টকাকৈ উদ্যমিতামূলক কাম-কাজৰ বাবে সাহাৰ্য আগবঢ়াব চৰকাৰে ।

৫.চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা – ২০১৮-১৯ বৰ্ষত শুভাৰম্ভ কৰা চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আঁচনিৰ বাবে ২০২০-২১ বৰ্ষৰ বাজেটত আৱণ্টন কৰা হৈছে ২২০ কোটি টকা ।

৬.চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ কল্যাণ আঁচনি – এই আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠী আৰু আদিবাসী শিক্ষাৰ্থীৰ শিক্ষা ব্যয়ৰ বাবে ধাৰ্য কৰা হৈছে ১০,০০০ টকাৰ এককালীন সাহাৰ্য । চাহ জনগোষ্ঠী আৰু আদিবাসী উদ্যমী যুৱক সকলৰ উদ্যমিতা শক্তি বৃদ্ধি কৰা বাবে ২০,০০০ যুৱকলৈ আগবঢ়োৱা হ’ব ২৫,০০০ টকাকৈ ।

৭. অৰুন্ধতী – এই আঁচনিৰ অধীনত পূৰ্বে ঘোষণা কৰা অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবে ১ তোলা সোণৰ বাবদ থকা ৩০,০০০ টকা বৃদ্ধি কৰি ৪০,০০০ টকা বিত্তীয় সাহাৰ্য দিয়া হ’ব । এই আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষৰ বাজেটত ১৫০ কোটি টকা আৱণ্টন দিয়া হৈছে ।

৮. সংহত সামাজিক সুৰক্ষা আঁচনি – এই আঁচনিৰ অধীনত থকা সকলো সুৰক্ষা আঁচনিৰ সুচাৰু ৰূপায়ণৰ বাবে এই বাজেটত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৫০৫ কোটি টকাৰ আৱণ্টন দিয়া হৈছে ।

৯. বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনি – এই আঁচনিৰ জৰিয়তে ২০২০-২১ বিত্তীয় বৰ্ষত ৫৬,৮০০ টা নতুন আত্মসহায়ক গোটক উপকৃত কৰা হ’ব । প্ৰতিটো আত্মসহায়ক গোটলৈ ৫০,০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব ।

১০. অসম মালা – ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক উন্নয়ন প্ৰকল্প আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণৰত ২৫০০ কিলোমিটাৰ পথৰ উপৰি অসম মালা আঁচনিৰ অধীনত নতুনকৈ সৰ্বমুঠ ১২৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব ।

১১. প্ৰজ্ঞান ভাৰতী – এই আঁচনিৰ অধীনত প্ৰায় ১ লাখ শিক্ষাৰ্থীৰ প্ৰত্যেককে ২০২০ চনৰ ৩১ মাৰ্চৰ ভিতৰত প্ৰত্যক্ষ বেংক হস্তান্তৰণ পদ্ধতিত ১০০০ কৈ টকা দিয়া হ’ব । বছৰি দুই লাখ টকাতকৈ কম উপাৰ্জন কৰা লোকৰ সন্তানক ডিগ্ৰী পৰ্যায়লৈ বিনামূলীয়াকৈ নামভৰ্তি কৰা, দ্বাদশ শ্ৰেণীলৈ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি আৰু বিনামূলীয়া সমবেশ (uniform)ৰ যোগান ধৰা । ২০২০-২১ বিত্তীয় বৰ্ষত এই আঁচনিৰ জৰিয়তে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত শিক্ষাৰ্থীকো সামৰি লোৱা হ’ব । এই আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মেধাৰ ভিত্তিত প্ৰথম ২০,০০০ গৰাকী ছাত্ৰীক ২০২০-২১ বিত্তীয় বৰ্ষত একোখনকৈ স্কুটী আগবঢ়াব ।

১২. কৰ্কট ৰোগ নিৰাময় বুনিয়াদ – এই আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে ৫০০ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে আৰু টাটা নিধিয়ে আগবঢ়োৱা ২৫০ কোটি টকাৰ আৰ্থিক অংশীদাৰিত্ব পূৰ্বৰ দৰেই আগবঢ়াব ।

১৩.ভ্ৰমণ সাৰথি – এই আঁচনিৰ অধীনত নাৰী আৰু বয়সিয়াল লোকসকলৰ বাবে গুৱাহাটী মহানগৰৰ ভিতৰত বিনামূলীয়া আৰু উৎসৰ্গীকৃত বাছ সেৱাৰ ব্যৱস্থা আৰম্ভ কৰা হ’ব । এই আঁচনিৰ জৰিয়তে নিৱনুৱা সকলৰ বাবেও এক সুখৰ বাৰ্তা আনিছে এই বাজেটে । বিভিন্ন পৰীক্ষা/সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ ওলোৱা নিৱনুৱা যুৱকসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে বিনামূলীয়া যাত্ৰাৰ ব্যৱস্থা কৰিব ।

১৪. অসম দৰ্শন – অসম দৰ্শন আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত ৫০ বছৰ পুৰণি ৮০০০ নামঘৰলৈ আন্তঃগাথনি উন্নয়নৰ বাবদ আবণ্টন কৰা হৈছে ২.৫ লাখ টকা । অসম দৰ্শন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবে ২৮৫ কোটি টকাৰ আৱণ্টন ঘোষণা কৰিছে বিত্তীয় মন্ত্ৰীয়ে ।

১৫. যুৱ আৰোহণ – এই আঁচনিৰ অধীনত দেশৰ ডেকা শক্তিক আত্মবিশ্বাসী আৰু অৰ্থনৈতিকভাৱে সবল কৰি তুলিবৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত এই আঁচনি প্ৰয়োগৰ বাবে ১৪০ কোটি টকা ধাৰ্য কৰিছে চৰকাৰে ।

১৬. সোণালী শৈশৱ-ৰূপালী পাঠশালা – এই আঁচনিৰ অধীনত উন্নত শিক্ষণ স্তৰৰ উপৰি বিদ্যালয়সমূহত জাকত জিলিকা শ্ৰেণীকোঠা, উপযুক্ত আৰু পৰিচ্ছন্ন টয়লেট আৰু বৈদ্যুতিকৰণ সম্ভৱ হ’ব বুলি বাজেটত উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে । চলিত বাজেটত এই আঁচনিৰ বাবে ৩১৫ কোটি আৱণ্টন কৰা হৈছে ।

১৭. শিক্ষক প্ৰাদেশীকৰণৰ অগ্ৰগমণ – এই আঁচনিৰ অধীনত শিক্ষানুষ্ঠান আৰু শিক্ষকৰ প্ৰাদেশীকৰণৰ বাবে বিত্ত বিভাগে শিক্ষা বিভাগৰ পৰা ৫,৬৫১ খন শিক্ষানুষ্ঠান আৰু ২০,২৮৮ জন শিক্ষকৰ প্ৰস্তাৱ লাভ কৰিছে । উক্ত প্ৰাদেশীকৰণৰ বাবে ৩৭২ কোটি টকা ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছে ।

১৮. অৰুণোদয় – আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰুত্থানৰ পথেৰে আগবঢ়াই নিয়াৰ কথা সাৰোগত কৰিয়েই নতুনকৈ সংযোজন কৰা এই আঁচনিখনৰ নাম অৰুণোদয় ৰখা হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে । এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়াললৈ মাহিলী ঔষধ ব্যয়ৰ বাবে প্ৰদান কৰা হ’ব ৪০০ টকা । প্ৰতিমাহে মাহজাতীয় শস্য ক্ৰয় কৰাৰ বাবে প্ৰতিটো পৰিয়াললৈ ২০০ টকাকৈ দিয়া হ’ব । প্ৰতিটো পৰিয়ালে মহিলী খৰচ কৰা ৪ কেজি চেনিৰ বাবে দিব ৮০ টকাকৈ । ফল-মূল আৰু পাচলি ক্ৰয়ৰ বাবে ১৫০ টকাকৈ দিয়া হ’ব প্ৰতিটো পৰিয়ালক । দুখীয়া আৰু অৰ্থনৈতিকভাৱে পিছপৰা ২৭ লাখ পৰিয়ালক সামৰি লোৱা এই আঁচনিয়ে এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে হিতাধিকাৰীৰ বেংক একাউণ্টত এক থুপে ১০,০০০ টকা জমা দিব । অসমৰ ইতিহাসত সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থা আৰু এই আঁচনিৰ বাবে ২,৮০০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে ।

You might also like