নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ শলাগ বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ক’ৰোনাৰ বিৰুদ্ধে চলি অহা যুঁজখনত এগৰাকী যুদ্ধাৰ দৰে লাগি থকা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ শলাগ ল’লে সাংসদ বদৰুদ্দিন আজমলে । ৰাষ্ট্ৰীয় ৱেব পৰ্টেল ‘কুইণ্ট’ৰ এক সাক্ষাৎকাৰত সাংসদ আজমলে ড০ হিমন্ত বিশ্ব শৰ্মা দৰে স্বাস্থ্যমন্ত্ৰীয়ে এবছৰত সম্পূৰ্ণ নোহোৱা কাম ৩ মাহত কৰিব পাৰে বুলিও শলাগ ল’লে ।

“তেওঁৰ দৰে স্বাস্থ্যমন্ত্ৰী সঁচাকৈ শলাগ ল’বলগীয়া ।”- সাংসদগৰাকীয়ে এইদৰে কয় ।

আনহাতে ক’ৰোনা ৰোগীৰ সৈতে নিজামুদ্দিনৰ তবলীগি জামাতৰ ঘটনা জড়িত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত আজমলে এই ৱেব পৰ্টেলটোৰ সাক্ষাৎকাৰত জামাতৰ কিছু ভুল থকা বুলিও মন্তব্য কৰে ।

লগতে ৰমজানৰ তাৰাবী নামাজ মছজিদৰ পৰিৱৰ্তে ঘৰৰ পৰায়ে কৰাৰ আহ্বানো জনালে সাংসদ বদৰুদ্দিন আজমলে । আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈও আহ্বান জনাই আজমলে ।

You might also like