নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হূদযন্ত্রত ছিদ্র থকা ১৫ শিশুক কলকাতালৈ প্রেৰণ চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ জন্মগতভাৱে হূদযন্ত্রত ছিদ্র থকা ১৫টি শিশুক উন্নত চিকিৎসাৰ বাবে মঙলবাৰে কলকাতালৈ প্রেৰণ কৰা হয়৷ ৰাজ্য চৰকাৰৰ উদ্যোগত এই শিশুসকলক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছে কলকাতালৈ৷ তদুপৰি মঙলবাৰে আন ২৬টি শিশুক আমিনগাঁওস্থিত নাৰায়ণা হূদয়ালয়লৈ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে প্রেৰণ কৰে৷ ইতিমধ্যে স্ক্রীনিং সম্পন্ন হোৱাৰ পিছত উন্নত চিকিৎসাৰ প্রয়োজন থকা এই শিশুসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদৰ পৰা সংশ্লিষ্ট চিকিৎসালয়লৈ প্রেৰণ কৰা হয়৷ ইয়াৰ পূর্বেও ৰাজ্য চৰকাৰৰ উদ্যোগত হূদযন্ত্রৰ ৰোগত আক্রান্ত এনে শিশুক বহিঃৰাজ্যলৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰি আহিছে৷ বিশেষকৈ গুৰুতৰভাৱে আক্রান্ত শিশুসকলক বেংগালুৰু অথবা কলকাতাত উন্নত চিকিৎসা সম্পন্ন হৈছে৷

কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই প্রকাশ কৰা অনুসৰি, পূর্বে এনে আক্রান্ত শিশুক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্রান্তত শিবিৰ স্থাপন কৰা হৈছিল৷ কিন্তু বর্তমান অভিভাৱকসকল সজাগ–সচেতন হোৱাৰ বাবে শিশুসকলৰ শৰীৰত অসুস্থতাৰ লক্ষণ দেখা দিলেই চিকিৎসকৰ পৰামর্শ লোৱাৰ বাবে সহজতে এনে হূদযন্ত্রৰ ৰোগত অক্রান্ত শিশুসকলক চিনাক্ত কৰাটো সম্ভৱ হৈ পৰিছে৷ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰিয়তেও হূদযন্ত্রৰ ৰোগত আক্রান্ত শিশু চিনাক্তকৰণৰ পিছত উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈ আহিছে বুলি উল্লেখ কৰি অধীক্ষক ডাঃ শর্মাই কয় যে এইক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে ন’ডেল হাস্পতালৰ দৰে পদক্ষেপ গ্রহণ কৰি আহিছে৷

ইপিনে, এনেদৰে ৰাজ্য চৰকাৰৰ উদ্যোগত হূদযন্ত্রৰ ৰোগত আক্রান্ত শিশুসকলক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰাৰ পিছত সন্তুষ্টি প্রকাশ কৰিছে অভিভাৱকসকলে৷ দীর্ঘদিন ধৰি চিকিৎসা কৰি ভাগৰি পৰা এইসকল শিশুৰ অভিভাৱকে ৰাজ্য চৰকাৰৰ এই উদ্যোগত যথেষ্ট সকাহ লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ উল্লেখ্য যে বর্তমানৰ মুখ্যমন্ত্রীগৰাকী তদানীন্তন স্বাস্থ্যমন্ত্রী হৈ থকাৰ সময়তে ২০১০ চনৰ পৰা এক বিশেষ আঁচনিৰ অধীনত হূদযন্ত্রৰ ৰোগত আক্রান্ত শিশুসকলক উন্নত চিকিৎসাৰ বাবে প্রেৰণৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ বর্তমানলৈ ৮,৫০০জনৰো অধিক শিশুক উন্নত চিকিৎসাৰ সুবিধা প্রদান কৰা হৈছে৷

You might also like