নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষানীতি কার্যকৰী হোৱাৰ পিছত বন্ধ হ’ব একাংশ বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে গ্রহণ কৰা নতুন শিক্ষানীতিৰ আধাৰত অংগনৱাড়ী কেন্দ্রসমূহ বন্ধ হৈ নাযায়৷ মঙলবাৰে এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে প্রাক–প্রাথমিক শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত হ’ব অংগনৱাড়ী কেন্দ্রসমূহ৷ আনহাতে এই প্রাক–প্রাথমিক শিক্ষা পৰিচালনা কৰিব চৰকাৰৰ চাৰিটা বিভাগ ক্রমে শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ আৰু জনজাতি কল্যাণ বিভাগে৷

উল্লেখ্য যে ৰাষ্ট্রীয় শিক্ষানীতিক লৈ কালি বিধানসভাৰ সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱনত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূর্ণ বৈঠক৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্রী যোগেন মহনৰ লগতে মহানগৰীৰ কেইবাখনো আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰিচালন সমিতি তথা শিক্ষা বিভাগৰ শীর্ষ বিষয়া আৰু আন কেইবাটাও সংগঠনৰ প্রতিনিধি উপস্থিত থকা এই বৈঠকত ৰাষ্ট্রীয় শিক্ষানীতিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়৷ প্রাথমিক শিক্ষাৰ লগতে মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বিভিন্ন দিশ আলোচনা কৰা এই বৈঠকত শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত গ্রহণ কৰা সিদ্ধান্তৰ ওপৰতো আলোচনা হয়৷

উল্লেখ্য যে বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে বর্তমানৰ প্রাক–প্রাথমিক, মজলীয়া, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শ্রেণীৰ বিলুপ্তি ঘটাই ইয়াৰ পৰিৱর্তে ৫টা শ্রেণীক লৈ বুনিয়াদী, পৰৱর্তী তিনিটা শ্রেণী প্রস্তুতি স্তৰ, পাছৰ তিনিটা প্রাথমিক আৰু পৰৱর্তী চাৰিটা শ্রেণী ছিনিয়ৰ ছেকেণ্ডাৰী হিচাপে পৰিগণিত কৰাৰ সিদ্ধান্ত লৈছিল৷ এই সন্দর্ভত শিক্ষা বিভাগেও আনুষ্ঠানিক জাননী জাৰি কৰিছে৷ এই বৈঠকতে এনেবোৰ দিশ আলোচনা কৰাৰ লগতে ব্যক্তিগত বিদ্যালয়সমূহৰ ভূমিকা সন্দর্ভতো বিস্তৃত আলোচনা হয়৷

ইফালে, এই বৈঠকৰ পিছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে নতুন শিক্ষানীতি কার্যকৰী হোৱাৰ পিছতেই একাংশ বিদ্যালয় বন্ধ হৈ পৰিব৷ ইয়াৰ অর্থ এইটো নহয় যে নতুন শিক্ষানীতিৰ বাবে বিদ্যালয়সমূহ বন্ধ কৰা হৈছে৷ শিক্ষা বিভাগে যিসমূহ বিদ্যালয়ত ছাত্র–ছাত্রী কম, তেনেবোৰ বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে চামিলকৰণৰ সিদ্ধান্ত লৈছে৷

আনহাতে তিনি হাজাৰ ছাত্র–ছাত্রীৰ কম ছাত্র–ছাত্রী থাকিলে তেনে মহাবিদ্যালয়সমূহ বন্ধ কৰাৰ যি প্রচাৰ চলিছে, সেয়া অমূলক৷ দৰাচলতে নতুন শিক্ষানীতি মতে, একোখন মহাবিদ্যালয়ত তিনি হাজাৰ ছাত্র–ছাত্রী থকাটো জৰুৰী বুলি উল্লেখ কৰা হৈছে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে ইয়াকো উল্লেখ কৰে যে বিদ্যালয় একত্রীকৰণ প্রক্রিয়া চলি থাকিব আৰু গ্রুপিং পদ্ধতিৰে কম ছাত্র–ছাত্রী থকা বিদ্যালয়ত আন বিদ্যালয়ৰ সৈতে চামিল কৰা হ’ব৷ নতুন শিক্ষানীতি সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে একাংশ সংগঠনে নতুন শিক্ষানীতিক লৈ আপত্তি তুলিছে যদিও এই আপত্তিসমূহ বিশ্লেষণ কৰা হৈছে আৰু এই সন্দর্ভত থকা সন্দেহসমূহ দূৰ কৰা হৈছে৷ শিক্ষা বিভাগে প্রতিটো স্তৰতে নতুন শিক্ষানীতিক লৈ আলোচনা অব্যাহত ৰাখিছে৷ ইফালে, নতুন শিক্ষানীতিৰ প্রৱর্তনে ব্যক্তিগত বিদ্যালয়ৰ আগ্রাসন বন্ধ কৰিব বুলিও আজি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

You might also like