নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ মাহৰ ব্যৱধানত ৰাজ্যত বৃদ্ধি ১.৪৪ লাখ ভোটাৰ; দাবী–আপত্তি নিষ্পত্তি কৰাৰ অন্তিম তাৰিখ ৩ ফেব্রুৱাৰী

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ৰাজ্যত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ উদ্দেশ্যে উপায়ুক্তসকলে সোমবাৰে নিজ নিজ জিলাৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা তথা নিৰ্বাচক নামাৱলীৰ খচৰা প্ৰকাশৰ জাননী জাৰি কৰিছে । এই খচৰা ভোটাৰ তালিকা জিলা নির্বাচন বিষয়াৰ কার্যালয়, সংশ্লিষ্ট বিধানসভা সমষ্টিৰ নির্বাচক পঞ্জীয়ন বিষয়া তথা ৰাজহ চক্র বিষয়াৰ কার্যালয় আৰু সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্রত কার্যালয় খোলা থকাৰ সময়ত ৰাইজে চাব পাৰিব৷

অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, ২০২০ চনৰ খচৰা ভোটাৰ তালিকাত মুঠ ২,১৯,৫০,০৯৭জন ভোটাৰৰ নাম অন্তর্ভুক্ত হৈছে৷

ইয়াৰে ১,১২,২০,৮৯৩জন পুৰুষ হোৱাৰ বিপৰীতে ১,০৭,২৮,৭৯৪গৰাকী মহিলা আৰু ৪১০গৰাকী তৃতীয় লিংগৰ৷

গুৰুত্বপূর্ণ কথাটো হ’ল প্রায় ১১ মাহৰ ব্যৱধানত ৰাজ্যত ভোটাৰৰ সংখ্যা ১,৪৪,৫৭৩জন বৃদ্ধি পাইছে৷ চূড়ান্ত ভোটাৰ তালিকাত এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ২০১৯ চনৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাইছিল যোৱা ৬ ফেব্রুৱাৰীত৷ য’ত মুঠ ২,১৮,০৫,৫২৪জন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিল৷ ভোটাৰ তালিকা তথা নির্বাচক নামাৱলীৰ প্রস্তুতকৰণৰ অর্হতাৰ তাৰিখ হৈছে অহা ১ জানুৱাৰী৷

যদি কোনো অর্হতাসম্পন্ন ব্যক্তিৰ ভোটাৰ তালিকা তথা নির্বাচক নামাৱলীত নাম অন্তর্ভুক্তিৰ বাবে কোনো দাবী বা আপত্তি থাকে অথবা প্রবিষ্ট বিৱৰণৰ শুধৰণি কৰিবলগীয়া থাকে বা একেটা সমষ্টিৰ ভিতৰত নাম স্থানান্তৰ কৰিব বিচাৰে, তেতিয়াহ’লে নির্ধাৰিত প্র–পত্র নং ৬, ৬(ক) ৭, ৮ আৰু ৮(ক) পূৰণ কৰি অহা ২২ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব পাৰিব৷ দাবী–আপত্তিসমূহ আবেদনকাৰীয়ে সংশ্লিষ্ট বিধানসভা সমষ্টিসমূহৰ নির্বাচক পঞ্জীয়ন বিষয়া তথা ৰাজহ চক্র বিষয়া অথবা ভোটগ্রহণ কেন্দ্রসমূহত নিযুক্তি দিয়া মনোনীত বিষয়াৰ ওচৰত উক্ত নির্ধাৰিত দিনৰ ভিতৰত দাখিল কৰিব পাৰিব৷

তদুপৰি আবেদনকাৰীয়ে অনলাইনযোগেও www.nvsp.in ত দাবী–আপত্তি দাখিল কৰিব পাৰিব৷ আবেদনকাৰীয়ে দাবী–আপত্তি সংশ্লিষ্ট বিধানসভা সমষ্টিকেইটাৰ নির্বাচক পঞ্জীয়ন বিষয়াৰ ঠিকনাত ডাকযোগেও প্রেৰণ কৰিব পাৰিব৷

অহা ৩ ফেব্রুৱাৰীৰ ভিতৰত দাবী–আপত্তিসমূহ নিষ্পত্তি কৰি অহা ১৪ ফেব্রুৱাৰীত সংশ্লিষ্ট সমষ্টিকেইটাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি প্রকাশিত জাননীখনত কোৱা হৈছে৷

You might also like