১২ আবকাৰী উপ অধীক্ষকক পদোন্নতিসহ বদলি
নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ অসম চৰকাৰৰ আবকাৰী বিভাগে বৃহস্পতিবাৰে এক নির্দেশযোগে ১২জন আবকাৰী উপ–ধীক্ষকক কেইবাখনো জিলাত খালী হৈ থকা আবকাৰী অধীক্ষক পদত পদোন্নতিসহকাৰে নিযুক্তি দিয়ে৷
সেই অনুসৰি শান্তনু হাজৰিকাক লখিমপুৰ, ৰাজু কুমাৰ মহন্তক শিৱসাগৰ, জিয়াউল ইছলাম ৰচিদক ওদালগুৰি, সঞ্জীৱ শইকীয়াক নলবাৰী, বৰষা বৰা বৰদলৈক ডিমা হাছাও, শুক্ল গোস্বামীক ধেমাজি, পি ৰঞ্জন ৰাওক কার্বি আংলং, ছর্চিল ব্রহ্মক কোকৰাঝাৰ, মনিলা বৰঠাকুৰক নগাঁও, শিৱাশিস পালক কৰিমগঞ্জ, সুৰেন চন্দ্র ৰাংচাঙক বৰপেটা আৰু কুঞ্জলাল পাঠকক বঙাইগাঁও জিলাৰ আবকাৰী অধীক্ষক হিচাপে পদোন্নতিসহ নিযুক্তি দিয়া হৈছে৷
সেইদৰে ১৭জন আবকাৰী পৰিদর্শকক উপ–ধীক্ষক, ২০জন কনিষ্টবলক সহকাৰী পৰিদর্শক আৰু ৬৪ কনিষ্টবলক হেড এক্সাইজ কনিষ্টবললৈ পদোন্নতি দিয়া হৈছে ।