নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘২১ ত কেবৰ প্ৰভাৱ নপৰে, ৰাইজে ভোট দিবইঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ‘২০২১ চনৰ বাবে ৰঙাপৰা সমষ্টিৰ ৰাইজক আগতীয়াকৈ বুকিং কৰিলোঁ, সকলোৱে পুনৰ হিয়া উজাৰি ভোট দিব । সমগ্ৰ দেশৰ বাবে নাগৰিকত্বৰ ভিত্তিবৰ্ষ একেই হ’ব লাগে । সাংবাদিকসকলে ভোট দিলে কেবৰ প্ৰভাৱ পৰিব, ৰাইজে ভোট দিলে প্ৰভাৱ নপৰে । অন্যথা ২০২১ ত কেবৰ প্ৰভাৱ নপৰে । অখিলে আমাক ভোট নিদিয়ে । প্ৰফুল্ল মহন্তই লোকসভাত ভোট দিয়াই নাই । সৰু ল’ৰা-ছোৱালীৰ ভোট নাই । সমুজ্জ্বলৰ ভোট আছেনে নাই নাজানো । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰোঁ, কিন্তু সকলো জনগোষ্ঠীৰ লগত আলোচনা কৰাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব ।’ – এই মন্তব্য স্বাস্থ্য, বিত্ত আৰু গড়কাপ্টানী মন্ত্ৰীড০ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে বিয়লি ৪.২৫ বজাত শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ মানশিৰিত গড়কাপ্টানী বিভাগৰ(পথ), তেজপুৰ, চতিয়া, ৰঙাপৰা প্ৰাদেশীয় সংমণ্ডল, তেজপুৰৰ উদ্যাগত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ৰমে মানশিৰিৰ বীৰ শ্বহীদ কালিদাস শৰ্মা পথ , খনামুখৰ পৰা নপাম সংযোগী পথ আৰু বামুণগোলাৰ পৰা মানশিৰি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াইছে । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ মংগলধ্বনিৰ মাজত শৰ্মাই আধাৰশিলা স্থাপন কৰাৰ পিছতে শৰ্মাক বিহুনৃত্য, মিচিং জনগোষ্ঠীয়, গোৰ্খা জনগোষ্ঠীয় নৃত্যৰে মানশিৰি সভাস্থলীলৈ সাংস্কৃতিক শোভাযাত্ৰা কৰি আদৰি আনে । বালিপৰা ব্লক মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি কেশৱ উপাধ্যায়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰে । সভাত মুখ্য অতিথি হিচাপে মন্ত্ৰী শৰ্মাই ভাষণত কয় , ‘আমি অৰুন্ধতী আঁচনি অহা বছৰ ১ জানুৱাৰীৰ পৰা ৰাজ্যত কাৰ্যকৰী কৰিম । এক তোলা সোণ কিনিবলৈ ৩০ হাজাৰ টকা বিবাহ প্ৰাৰ্থীয়ে পাব । মাথোন বিবাহ পঞ্জীয়ন কৰিব লাগিব । উপযুক্ত বয়সত বিয়া পতাটো জৰুৰী । ছোৱালীসকলৰ ওপৰত যাতে কোনেও অত্যাচাৰ কৰিব নোৱাৰে, তেওঁলোক যাতে শিক্ষিত হয় , তাক আমি চোৱাটো আমাৰ দায়িত্ব । এই আঁচনি ধৰ্মনিৰপেক্ষ । প্ৰয়োজন সাপেক্ষে চক্ৰ বিষয়া কাৰ্যালয়তো বিবাহ পঞ্জীয়ন কৰাৰ ব্যৱস্থা হ’ব । ৰাজ্যৰ সকলো বিধৱা মহিলাই পেঞ্চন লাভ কৰিব, দুই-এদিনতে তেওঁলোকে প্ৰ-পত্ৰ লাভ কৰিব । এইখনি কাম ডিচেম্বৰৰ ভিতৰত হ’ব । একেদৰে, অনতিপলমে আত্মসহায়ক গোটসমূহেও লাভ কৰিব আৰ্থিক সাহাৰ্য । অটল অমৃত অভিযানৰ কাৰ্ডো বহুলভাৱে কাম আহিব ৰাইজৰ । আই চি ইউত থাকিলে ৰোগীয়ে ২ লাখ টকালৈকে লাভ কৰিব । গ্ৰামাঞ্চলত ইয়াৰ পূৰ্বে ৫০ কোটি টকাৰ কাম আগতে আমি কৰা নাছিলোঁ, ৰঙাপৰা সমষ্টিৰ লগতে ৰাজ্যত এয়াই প্ৰথম । পথসমূহৰো দুয়োকাষে বৃক্ষৰোপণৰ ব্যৱস্থা কৰি আমি সেউজীকৰণতো গুৰুত্ব প্ৰদান কৰিছো । উন্নয়নৰ বাবে আমাক ৰাইজে ভোট দিবই । ‘ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক পল্লৱলোচন দায়ে কয়, ‘উন্নয়নৰ বাবে ৰাইজে আমাক সহযোগিতা কৰক । অনাগত সময়ত আৰু অধিক কাম হ’ব ৰঙাপৰা সমষ্টিত । বিজেপিয়ে দিয়া আশ্বাস সদায় পূৰণ কৰে । হিমন্ত বিশ্ব শৰ্মা কথাৰ মানুহ,কথা দি কথা ৰাখে । জীয়াভৰলীৰ খহনীয়া ৰোধৰ বাবে দৰকাৰী বান্ধৰ ব্যৱস্থাৰ বিষয়ত আমি পৰিকল্পনা কৰি আছোঁ । ‘ গাম্ভীৰ্যপূৰ্ণ সভাখনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা, বৰছলাৰ বিধায়ক গণেশ লিম্বু, ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহাল, পশ্চিম শোণিতপুৰ বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি বীৰেন্দ্ৰ কুমাৰ নাথ, উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, বালিপৰা ব্লক মণ্ডল বিজেপিৰ সভাপতি ধ্ৰুৱ গগৈ, বালিপৰা ব্লক যুৱ মৰ্চাৰ সভাপতি নিৰ্মল ঙাটে, গড়কাপ্টানী বিভাগৰ ভালেমান অভিযন্তা, বিষয়ববীয়া, দলীয় নেতা-কৰ্মী, অঞ্চলটোৰ মানশিৰি, খনামুখ,ৰৌমাৰী,অকাবস্তি, ওঠৰ মাইল, বামুণগোলা, বৈঠাভংগা, ঘোঁৰামাৰী ইত্যাদি বিভিন্ন অঞ্চলৰ হাজাৰৰো অধিক লোক উপস্থিত থাকে । আনহাতে, মন্ত্ৰী শৰ্মাই সন্ধিয়া বালিপৰাৰ ফুলবাৰীত অনুষ্ঠিত এখন দলীয় কাৰ্যকৰ্তা সভাতো অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাৰে মত বিনিময় কৰাৰ লগতে সাংগঠনিক কাম-কাজৰ বুজ লয় ।

You might also like