২১ ৰ পিচতো অব্যাহত থাকিব কংগ্ৰেছ-এআইইউডিএফৰ প্ৰেম
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ কেৱল ২০২১ নহয় ইয়াৰ পাচতো কংগ্ৰেছ-এআইইউউডিএফৰ মিত্ৰতা অব্যাহত থাকিব । শুকুৰবাৰে কংগ্ৰেছ – এআইইউডিএফৰ যুটীয়া প্ৰাৰ্থীৰূপে অজিত কুমাৰ ভূঞাই ৰাজ্যসভাৰ তৃতীয়খন আসনৰ মনোনয়ন দাখিল কৰাৰ সময়তে এইদৰে উল্লেখ কৰে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ।
দুয়োটা দলেই উমৈহতীয়াভাৱে আগবঢ়োৱা অজিত কুমাৰ ভূঞাৰ প্ৰাৰ্থিত্ব কেৱল দুটা অথবা তিনিটা দলৰে নহয় সমগ্ৰ অসমীয়া জাতিৰ লগতে কাবিৰোধী শক্তি ইয়াত একগোট হৈছে বুলি উল্লেখ কৰে মৌলানা বদৰুদ্দিন আজমলে । অজিত কুমাৰ ভূঞাৰ মনোনয়ন দাখিলৰ পিছত বিজেপিয়ে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সাহস নকৰিব বুলি কয় এ আই ইউ ডি এফ প্ৰধানজনে ।