নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ নৱেম্বৰত আপুনি গুৱাহাটীত নাপাব তেল !

তেল কোম্পানীৰ মইমতালিৰ প্ৰতিবাদ নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডীলাৰ এছ'চিয়েচনৰ বৃহত্তৰ গুৱাহাটী শাখাৰ

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ তেল কোম্পানীসমূহৰ মইমতালিৰ প্ৰতিবাদত অহা ২৫ নৱেম্বৰত বৃহত্তৰ গুৱাহাটীৰ তেল ডিপোসমূহ বন্ধ ৰাখিব নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডীলাৰ এছ’চিয়েচনৰ বৃহত্তৰ গুৱাহাটী শাখাই । শুকুৰবাৰে এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজীৱ গোস্বামী, সাধাৰণ সম্পাদক দ্বীজেন চন্দ্ৰ মহন্তই কয় যে, তেল কোম্পানীসমূহে অটোমেচনৰ নামত পেট্ৰ’ল ডিপোসমূহৰ তেলৰ টেংকত কেতবোৰ বৈদ্যুতিক যন্ত্ৰ স্থাপন কৰিছে । অথচ কোম্পানীসমূহৰ ওপৰত কণ্ট্ৰ’লাৰ অৱ এক্সপ্ল’ছিভৰ কোনো অনুমতি নাই । পেট্ৰল ডিপোসমূহত যিকোনো নতুন কাম-কাজ কৰিবৰ বাবে এক্সপ্ল’ছিভৰ ক্লিয়াৰেন্স লোৱাটো বাধ্যতামূলক । জনসাধাৰণৰ জীৱন আৰু সুৰক্ষাৰ বাবেও এয়া অতি জৰুৰী । কিন্তু তেল কোম্পানীসমূহে সম্পূৰ্ণ মইমতালিৰে কোনোধৰণৰ অনুমতি নোহোৱাকৈ টেংকৰ ভিতৰত বৈদ্যুতিক যন্ত্ৰ স্থাপন কৰিছে । যিয়ে সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । ইয়াৰ বাহিৰেও তেল কোম্পানীসমূহে বহু বাণিজ্যিক নীতিও উলংঘা কৰিছে । আনকি প্ৰশাসনক অৱগত নকৰাকৈ পেট্ৰল ডিপোসমূহত গোপনে অভিয়ান চলাবলৈ আহে । তেল কোম্পানীৰ মইমতালিৰ প্ৰতিবাদত অহা ২৫ নৱেম্বৰত বৃহত্তৰ গুৱাহাটীৰ তেল ডিপোসমূহ বন্ধৰ আহ্বান জনাইছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েচনৰ বৃহত্তৰ গুৱাহাটী শাখাই ।

You might also like