নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ৮০ শতাংশ কিশোৰ আক্ৰান্ত হয় হৃদৰোগত

পৰ্যাপ্ত শাৰীৰিক পৰিশ্ৰমৰ অভাৱতেই কিশোৰসকল আক্ৰান্ত হয় হৃদৰোগত ।

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে বিশ্বৰ বহুসংখ্যক শিশু পৰ্যাপ্ত শাৰীৰিক পৰিশ্ৰমৰ অভাৱত হৃদৰোগত আক্ৰান্ত হয় । ৮০ শতাংশতকৈও অধিক স্কুলৰ ছাত্ৰ-ছাত্ৰী, যিসকলৰ বয়স ১১-১৭ বছৰৰ ভিতৰত, তেওঁলোকে ন্যূনতম প্ৰয়োজনীয় এঘণ্টাও শাৰীৰিক পৰিশ্ৰম নকৰে । বিশ্ব স্বাস্থ্য সংস্থাই ১৪৬ খন দেশৰ ১.৬ মিলিয়ন কিশোৰৰ ওপৰত চলোৱা অধ্যয়নৰ পিছত প্ৰকাশ কৰিছে যে এই বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত শাৰীৰিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে । য়েনে- সক্ৰিয়া খেলা-ধূলা, বিনোদন, খোজকঢ়া, চাইকেল চালনা । এইসমূহ শাৰীৰিক শ্ৰমে শৰীৰৰ হৃদযন্ত্ৰ সবল, পেশীৰ দৃঢ়তা বৃদ্ধি কৰাৰ উপৰি হাড় মজবুত কৰে আৰু ওজন সঠিক ৰূপ ৰাখে । বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যয়নকাৰী দলটোৰ অন্যতম সহযোগী ড০ ফিঅ’না বুলে জানিবলৈ দিছে যে খেলা-ধূলাৰ সুযোগ-সুবিধাই কিশোৰ-কিশোৰীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখে । ২০০১ চনৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে ৮০ শতাংশ কিশোৰ আৰু ৮৫ শতাংশ কিশোৰীৰ নাছিল পৰ্যাপ্ত শাৰীৰিক পৰিশ্ৰম । কিশোৰৰ শাৰীৰিক শ্ৰমৰ তালিকাত আটাইতকৈ নিম্ন স্থানত আছে ফিলিপাইনছ ।

You might also like