নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মার্চলৈ ৰাজহুৱা কার্যসূচী বাতিল মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৪ মার্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ পৰামর্শাৱলীৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অহা ৩১ মার্চলৈ জনসমাৱেশৰ কোনো অনুষ্ঠান তথা ৰাজহুৱা সভা–সমিতিত অংশ নোলোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ উপৰি ৰাইজকো এই দিশত অধিক সজাগ আৰু সচেতন হোৱাৰ বাবে আহ্বান জনাইছে ৷ শুকুৰবাৰে এক বিবৃতিত মুখ্যমন্ত্রী সোণোৱালে কয় যে কেৱল সাৱধানতাৰ জৰিয়তেহে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা জনসাধাৰণে হাত সাৰিব পাৰিব ৷ সেয়েহে জনসাধাৰণে অযথা ইয়াক লৈ আতংকিত নহৈ স্বাস্থ্য বিভাগে প্রদান কৰা পৰামর্শাৱলী সঠিকভাৱে মানি এই ভাইৰাছৰ সংক্রমণৰ পৰা নিজকে মুক্ত কৰি ৰাখক ৷ এইক্ষেত্রত সমাজৰ সকলো শ্রেণীৰ লোকক জনসচেতনতা সৃষ্টিৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ ৰাজ্যখনৰ জনসাধাৰণ নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাৰ তেওঁ কামনা কৰে ৷

You might also like