নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ ডিচেম্বৰত দিল্লী কঁপাব গোৰ্খা ছাত্ৰ সন্থাই

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকাত এক লাখ গোৰ্খা লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত ৫ ডিচেম্বৰত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সিদ্ধান্ত অনুসৰি গোৰ্খাসকলৰ এক বৃহত অংশৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতিবাদত ৫ ডিচেম্বৰত নতুন দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব । যন্তৰ মন্তৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাঙে । এই কাৰ্যনিৰ্বাহক সভাতেই গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশন ২০২০ চনৰ ৪,৫,৬ এপ্ৰিলত কাৰ্বি আংলং জিলাৰ বোকাজানত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উল্লেখ্য যে, এন আৰ চিৰ পৰা নাম বাদ পৰা গোৰ্খা লোকসকলৰ ক্ষেত্ৰত কোনোধৰণৰ হাৰাশাস্তি নোহোৱাকৈ যাতে পুনৰ নাম অন্তৰ্ভুক্ত হয় তাৰ দাবীত গ্ৰহণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী । সংগঠনটোৰ প্ৰতিজন কৰ্মকৰ্তা আৰু সদস্যকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে সভাপতি প্ৰেম তামাঙে ।

You might also like