নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ হাজাৰ টকা লৈ ভোটাৰ তালিকাত ডি ভোটাৰৰ নাম অন্তৰ্ভুক্তি গাঁওবুঢ়াৰ

মৈৰাবাৰীত এন আৰ চিত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ সন্দেহযুক্ত বিদেশী নাগৰিক, ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত এজন লোকৰ নাম সলনি কৰি সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় ননাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ ঘটনা পোহৰলৈ আহিছে । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানা এলেকাত । প্ৰাপ্ত তথ্য অনুসৰি , মৈৰাবাৰী থানাৰ অন্তৰ্গত লেঙেৰীবড়ি গাঁও নিৱাসী আব্দুৰ ৰহিম ( পিতাঃ প্ৰয়াত আব্বাচ আলী ) নামৰ লোকজন ১৯৯৭ চনৰ পৰা ২০১৭ চনলৈ প্ৰকাশিত ভোটাৰ তালিকাসমূহত ডি ভোটাৰ হিচাপে চিহ্নিত হৈছিল । কিন্তু আব্দুৰ ৰহিমক একেখন গাঁৱৰে অন্য এটা পৰিয়ালৰ সদস্য দেখুৱাই আব্দুৰ ৰহিম সজাই ২০১৯ চনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হয় । এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰেই এনেদৰে ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয় । এই অপৰাধমূলক ষড়যন্ত্ৰত প্ৰত্যক্ষভাৱে জড়িত আছে আব্দুল লতিফ নামৰ গাঁওবুঢ়াজন । এই কাৰ্যৰ বাবে গাঁওবুঢ়া লতিফে ৰহিমৰ পত্নী আম্বিয়া খাতুনৰ পৰা ৬০ হাজাৰ টকাৰ ঘোচ আদায় কৰে । মৈৰাবাৰী থানাৰ বৰ্ডাৰ শাখাৰ এছ আই আব্দুল ৱাহাব আশ্বাদীয়ে মৈৰাবাৰী থানাত ২৮/৮/২০১৯ তাৰিখে দাখিল কৰা এজাহাৰত এই ভয়ংকৰ তথ্যসমূহ সন্নিৱিষ্ট হৈছে । এই গোচৰ মৈৰাবাৰী থানাত চি/ নং ২৫০/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০ ধাৰাত নথিভুক্ত হৈছে । এজাহাৰখনত প্ৰকাশ যে আব্দুৰ ৰহিমে মোঃ নুৰ মহম্মদ(পিতাঃপ্ৰয়াত ইচব আলী) নামৰ লোকজনৰ পৰিয়ালৰ সদস্য বুলি দাবী কৰি ধিং সমষ্টিৰ ভোটাৰ তালিকাৰ ২০৩ খণ্ডৰ ১৭৩ নম্বৰ ঘৰৰ ৩৮৯ ক্ৰমিক নম্বৰত নাম উঠাবলৈ সক্ষম হয় । গুৰুত্বপূৰ্ণ যে , মৈৰাবাৰী থানাত আব্দুৰ ৰহিম ওৰফে আব্দুৰ ৰহমান আৰু গাঁওবুঢ়া আব্দুল লতিফৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ প্ৰায় তিনিমাহ সময় পাৰ হৈ যোৱাৰ পাচতো মৈৰাবাৰী আৰক্ষীয়ে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ নকৰাত ৰহস্যৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক পদক্ষেপ গ্ৰহণ কৰি অভিযুক্তদ্বয়ক গ্ৰেপ্তাৰৰ দাবী তুলিছে স্থানীয় ৰাইজে ।

You might also like