নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮টাকৈ উদ্ভাৱন ৰাষ্ট্রলৈ উছর্গা কৰিলে আইআইটি গুৱাহাটীয়ে

নিয়মীয়া বার্তা,১৬ ফেব্রুৱাৰীঃ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীয়ে শুকুৰবাৰে নিশা আঠটাকৈ বিৰল উদ্ভাৱন ৰাষ্ট্রৰ প্রতি উছর্গা কৰিলে ৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রীৰ জৰিয়তে উচ্চ শিক্ষাৰ প্রতিষ্ঠানখনে ৰাষ্ট্রৰ হিতৰ হকে সমর্পণ কৰিলে গৱেষণাৰ ফচল ৷ বিশ্বক চমক দিব পৰা আই আই টি গুৱাহাটীয়ে উদ্ভাৱন কৰা প্লাষ্টিকৰ বিকল্প এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উছর্গা কৰে দেশবাসীলৈ ৷ জৈৱ–বৈচিত্র্যৰ সৈতে মিহলি হৈ যাব পৰা প্লাষ্টিকৰ উদ্ভাৱনৰ লগতে প্রতিষ্ঠানখনে উদ্ভাৱন কৰা গাখীৰৰ বিশুদ্ধতা নিৰূপণ প্রযুক্তি, পানীৰ পৰা ফ্ল’ৰাইড, আর্ছেনিক আইৰন নিষ্কাশন প্রযুক্তি, বেক্টেৰিয়া চিনাক্তকৰণ প্রযুক্তি, মাল্টি ডাইগনষ্টিক কিট প্রযুক্তিবিদ্যাৰ প্রতিষ্ঠানখনে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রী ৰমেশ পোখৰিয়াল নিশাংকৰ হাতত অর্পণ কৰে ৷

উল্লেখ্য যে কেইবাটাও চৰকাৰী কার্যসূচী লৈ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি) গুৱাহাটীত শুকুৰবাৰে নিশা উপস্থিত হয় কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রীগৰাকী ৷ কেন্দ্রীয় মন্ত্রীগৰাকীক আই আই টি গুৱাহাটী ভ্রমণত সংগ দিয়ে ৰাজ্যিক শিক্ষা আৰু জলসিঞ্চন মন্ত্রী ভবেশ কলিতা আৰু বৰক্ষেত্রী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আই আই টি গুৱাহাটীৰ নৱনির্মিত সম্পদা ভৱন, এন আৰ এলৰ গৱেষণা কক্ষ আদি উদ্বোধন কৰে ৷ আই আই টি গুৱাহাটীৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা প্রযুক্তি দেশবাসীৰ বাবে গ্রহণ কৰি এই সৃষ্টিসমূহ ৰাষ্ট্রৰ উদ্দেশ্যে সমর্পণ কৰে মন্ত্রীগৰাকীয়ে৷ আনহাতে আই আই টি গুৱাহাটীৰ কেইবাটাও গৱেষণাগাৰো পৰিদর্শন কৰে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রীগৰাকীয়ে ৷

আই আই টি গুৱাহাটীৰ অধ্যাপক আৰু ছাত্র–ছাত্রীসকলৰ নতুন গৱেষণা আৰু সৃষ্টিৰ ভূয়সী প্রশংসা কৰে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রীগৰাকীয়ে ৷ দেশৰ হকে প্রযুক্তি বিদ্যা প্রতিষ্ঠানখনে আগবঢ়োৱা অৱদান এক ভাৰত শ্রেষ্ঠ ভাৰতৰ প্রতিফলন বুলিও উল্লেখ কৰে ৰমেশ পোখৰিয়াল নিশাংকে ৷ মন্ত্রীগৰাকীয়ে দেশৰ বিভিন্ন অঞ্চলৰ ছাত্র–ছাত্রীক গুৱাহাটী প্রযুক্তিবিদ্যা প্রতিষ্ঠানত অধ্যয়ন কৰাৰ বাবে আমন্ত্রণ জনোৱাৰ উপৰি প্রতিষ্ঠানখনৰ অধ্যাপকসকলে দেশৰ অন্যান্য প্রান্তত শিক্ষা দান কৰাৰ আশা প্রকাশ কৰে৷ এই অনুষ্ঠানতেই এন আই টি শিলচৰ আৰু তেজপুৰ বিশ্ববিদ্যালয় ভৱনৰো আধাৰশিলা স্থাপন কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ কেন্দ্রীয় মন্ত্রীগৰাকীক প্রযুক্তিবিদ্যা প্রতিষ্ঠানখনৰ সঞ্চালক টি জি সীতাৰামে আদৰণি জনোৱাৰ লগতে এখন শ্রেষ্ঠ ভাৰত গঢ়াৰ ক্ষেত্রত প্রতিষ্ঠানখনে অধ্যৱসায়ৰ ত্রুটি নকৰে বুলিও প্রকাশ কৰে ৷

You might also like