নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ ভাৰতবৰ্ষতে আতংকৰ সৃষ্টি কৰি থকা সময়ত অসম আক্ৰান্তৰ পৰা ৰক্ষা পৰি আছিল যদিও মঙলবাৰে অসমৰ প্ৰথমজন ক’ৰোনা আক্ৰান্ত ৰোগী ধৰা পৰে । মঙলবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটৰ জৰিয়তে প্ৰকাশ কৰে এই খবৰ ।
কৰিমগঞ্জ জিলাৰ ৫২ বছৰীয়া এইগৰাকী লোক আক্ৰান্ত হৈছে ক’ৰোনাত । বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে এইগৰাকী ব্যক্তি ।
A 52-year-old person has been found positive for #Coronavirua and is Assam’s first #Covid19 patient. He is undergoing treatment at Silchar Medical College. His condition is stable.
— Himanta Biswa Sarma (@himantabiswa) March 31, 2020