নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ শুকুৰবাৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অচিৰেই কংগ্ৰেছী বিধায়ক ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য আগবঢ়ায় । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথাৰ পাচতেই এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই অস্বীকাৰ কৰিছে বিষয়টো ।
শুকুৰবাৰে পুৱা ৰাজদ্বীপ গোৱালাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে বুলি কোৱাৰ লগতে মাতৃৰ অসুস্থতাৰ বাবে দিল্লীত আছে বুলি উল্লেখ কৰে ৰিপুন বৰাই । হিমন্ত বিশ্বই ভুৱা বাতৰি প্ৰচাৰ কৰে বুলি কোৱাৰ লগতে প্ৰতিজন কংগ্ৰেছী বিধায়ক হিমন্ত বিশ্ব অথবা জ্যোতিৰাদিত্য সিন্ধিয়া নহয় বুলিও কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।