নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ‘ৰাজনীতিলৈ নাহো বুলি কোৱা প্ৰমোদ বড়োৱে এতিয়া এবছু ত্যাগ কৰি ৰাজনীতিলৈ আহিব । সেইটো আমি স্বাগতম জনাইছো । ৰাজনীতিৰ জৰিয়তে মানুহৰ বাবে কাম কৰক তেওঁ । কিন্তু এবছুত থাকোতে তেওঁ যিমান মিছা কথা কৈছিল ৰাজনীতিলৈ আহিলে তাৰ দুগুণ মিছা কথা ক’ব ।’ – বৃহস্পতিবাৰে এক সংবাদমেলত এইদৰেই পুনৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পূৰ্বৰ সভাপতি তথা এটা দিন পূৰ্বে সংগঠনৰ পৰা অব্যাহতি লোৱা প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ।
এই সংবাদমেলতে হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি , অগপ আৰু বিপিএফৰ মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি কোৱাৰ লগতে ১০০ ভিতৰত ১০০ লাভ কৰিব বুলিও উল্লেখ কৰে । সকলো জাতি-জনগোষ্ঠীক আগত লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা বিপিএফ মিত্ৰজোঁটেই পুনৰ বিটিচি চৰকাৰ গঠন কৰিব বুলি কয় বিপিএফ প্ৰধানগৰাকীয়ে ।
উল্লেখ্য যে, উৰ্খাও গৌৰা ব্ৰহ্মক বিপিএফ ৰাজ্যসভাৰ সাংসদ ৰূপে প্ৰক্ষেপ কৰিব যদিহে তেওঁ বিপিএফত যোগদান কৰে । এতিয়াও ব্ৰহ্মলৈ এই সুবিধা আছে বুলি সংবাদমেলত উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ।