নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তর্গত বাইহাটাত শুকুৰবাৰে কলকাতা অভিমুখী তিলভর্তি ট্ৰাক এখন লুট কৰে দুর্বৃত্তই ৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি বাইহাটাৰ প্রিয়া ধাবাৰ সন্মুখত পৰিত্যক্ত অৱস্থাত এখন ট্ৰাকৰ লগতে স্থানীয় লোকে মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰে ট্ৰাকখনৰ চালকজনক ৷ ৩১নং ৰাষ্ট্রীয ঘাইপথৰ দাঁতিত ডব্লিউ বি–২৩ বি–৭৭০৭ নম্বৰৰ ড্রাকখন স্থানীয় লোকসকলে প্রত্যক্ষ কৰি অৱগত কৰে কমলপুৰ আৰক্ষীক ৷ কমলপুৰ থানাৰ আৰক্ষীৰ দলে ট্ৰাকখন উদ্ধাৰ কৰি মুমূর্ষু চালকজনক চিকিৎসালয়ত ভর্তি কৰি প্রাথমিক চিকিৎসা প্রদান কৰে ৷
উল্লেখ্য যে ত্রিপুৰাৰ পৰা কলকাতালৈ ট্ৰাকখনে কঢ়িয়াই আনিছিল তিল ৷ কৰিমগঞ্জত ত্রিপুৰাৰ পৰা বাকলিসহ অহা তিলখিনি পৰিষ্কাৰ কৰি পুনৰ ট্ৰাকখনত তিলখিনি লোড কৰি কলকাতা অভিমুখে গৈ আছিল ৷ কিন্তু আধাবাটতে ডকাইতে তিলভর্তি ট্ৰাকখন আগছি ধৰি চালকক মাৰধৰ কৰি ট্ৰাকখনত থকা ১৭ টন তিল আন এখন ড্রাকত ভৰাই লৈ উধাও হয় ৷ লগতে ডকাইতৰ দলটোৱে চালকজনক নিচাজাতীয় দ্রব্য খুৱাই কমলপুৰত পথৰ দদাতিত চালকসহ ট্ৰাকখন ৰখাই থৈ উধাও হয় ৷ কিন্তু চালকজন বহিঃৰাজ্যৰ হোৱা হেতুকে কোন ঠাইত ডকাইতি হ’ল সবিশেষ তথ্য আৰক্ষীক দিব নোৱাৰিলে ৷
আনফালে, তিলখিনিৰ গৰাকীৰ অভিযোগ মতে ডকাইতিৰ সমগ্র ঘটনাত চালকজন জড়িত আছে ৷ চালক সিদ্ধি মাহাতোৱে ডকাইতৰ সৈতে লগ হৈ তিলখিনি বিক্রী কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে তিলখিনিৰ গৰাকীয়ে ৷ যাৰ বাবে তিলৰ গৰাকীয়ে কমলপুৰ থানাত চালকগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে চালকগৰাকীক গ্রেপ্তাৰ কৰি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় ৷ আদালতে তিনি দিনৰ আৰক্ষী জিম্মাত দিয়ে ৷ কমলপুৰ আৰক্ষীয়ে চালকগৰাকীক মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে লুট হোৱা তিলখিনিৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷