নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ কোটাত আবদ্ধ অসমৰ শিক্ষাৰ্থীসকলৰ অৱস্থাৰ বুজ ললে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ  উচ্চ শিক্ষাৰ বাবে যোৱা বহুকেইগৰাকী শিক্ষাৰ্থী ৰাজস্থানত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত হাহাকাৰ লাগিছে তেওঁলোকৰ পৰিয়ালসমূহৰ মাজত ৷ ইতিমধ্যে ৰাজস্থানৰ কোটাত অসমৰ ৩৫০ গৰাকীতকৈও অধিক শিক্ষাৰ্থী আৱদ্ধ হৈ আছে ৷

স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ শ্ৰী সমীৰ সিনহা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ( আইন-শৃংখলা) শ্ৰী জি পি সিং  আৰু শিক্ষা বিভাগৰ প্ৰধান সচিৱ শ্ৰী কল্যাণ চক্ৰৱৰ্তীৰ উপস্থিতিত বৃহস্পতিবাৰে নিশা ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাযোগে এই শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে অসম চৰকাৰে  সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি তেওঁলোকক নিশ্চয়তা প্ৰদান কৰে ৷

You might also like