ৰাজ্যত ৬ এপ্ৰিললৈকে মুঠ ৯৪৬ টা লকডাউন অমান্যৰ ঘটনা, জৰিমনা ভৰাই সংগ্ৰহ হ’ল ইমান টকা
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ৰোনা মহামাৰী সৃষ্টি কৰিব পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি দেশত ঘোষণা কৰা লকডাউনৰ সময়ত সংঘটিত হৈছে ন শতাধিক লকডাউন অমান্যৰ ঘটনা । শেহতীয়াকৈ অসম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা ২৪ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈকে মুঠ ৯৪৬ টা লকডাউন অমান্যৰ ঘটনা সংঘটিত হৈছে ।
অসম আৰক্ষীৰ তথ্য মতে, এই সময়ছোৱাত বিভিন্ন থানাত ৪৯৯ টা গোচৰ ৰুজু হৈছে । ইফালে লকডাউন অমান্য কৰাৰ অপৰাধত আৰক্ষীয়ে মুঠ ১১৭৪ জন লোকক আটক কৰিছে ।
আৰক্ষীৰ পৰা লাভ কৰা তথ্য মতে, লকডাউনৰ সময়ছোৱাত আৰক্ষীয়ে মুঠ ৪,৭৬৩ খন যান বাহন জব্দ কৰে । লগতে ১২ খন দেশীয় ভাৱে নিৰ্মান কৰা নাও জব্দ কৰে ।
আনহাতে লকডাউন উলংঘাকাৰীক আৰক্ষীয়ে জৰিমনা ভৰাই ১৭,৩৯০০ টকা সংগ্ৰহ কৰে ।
IMPORTANT UPDATE.#StayHomeSaveMankind pic.twitter.com/agJRjH1r9y
— Assam Police (@assampolice) April 6, 2020