নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বাণিজ্যিক উৎপাদনকাৰী কৃষকৰ পৰিসংখ্যা সংগ্রহৰ নির্দেশ মুখ্যমন্ত্রীৰ

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ গ্রাম্য অর্থনীতি পুনৰ শক্তিশালী কৰাৰ বাবে কৃষি, পশুপালন, মৎস্য উৎপাদনত বাণিজ্যিকভাৱে নিয়োজিত কৃষকসকলৰ পৰিসংখ্যা সংগ্রহ কৰি তেওঁলোকৰ উৎপাদিত সামগ্রীয়ে যাতে উপযুক্ত বজাৰ লাভ কৰিব পাৰে, তাৰ বাবে সুদৃঢ় ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে শদিয়া মহকুমা প্রশাসনক নির্দেশ দিয়ে ৷ সীমান্তৱর্তী তিনিচুকীয়া জিলাৰ এই মহকুমাটোৰ লগত অৰুণাচল প্রদেশৰ নামনি দিবাং ভেলী আৰু লোহিত জিলা সংলগ্ন হৈ থকাৰ প্রতি লক্ষ্য ৰাখি তথা সাম্প্রতিক ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিপ্রেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত এই সীমান্তইদি যাতে কোনো ব্যক্তি তথা যান–বাহনৰ চলাচল প্রশাসনৰ বিনানুমতিত হ’ব নোৱাৰে, এয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে ৷

ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে শদিয়া মহকুমা প্রশাসনে গ্রহণ কৰা ব্যৱস্থাৱলী পর্যালোচনা কৰাৰ বাবে আজি শদিয়া মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই নির্দেশ জাৰি কৰে ৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে সীমান্তৱর্তী গাঁৱকে ধৰি কোনো ঠাইৰ জনসাধাৰণে যাতে অত্যাৱশ্যকীয় সামগ্রী লাভ কৰাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হ’ব নালাগে, সেই বিষয়টো প্রশাসনে সুনিশ্চিত কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে ক’ভিড–১৯এ ইতিবাচক দৃষ্টিভংগীৰে কাম কৰাৰ সুযোগ দিছে৷ গ্রাম্য অর্থনীতি অধিক জীপাল কৰাৰ বাবে লাভ কৰা সুযোগ প্রতিটো বিভাগে সদ্ব্যৱহাৰ কৰি অধিক কর্মতৎপৰতা প্রদর্শন কৰিব লাগিব ৷ দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰৰ নীতি–নির্দেশনাৰ যিবোৰ ক্ষেত্রত শিথিলতা দিয়া হৈছে, সেই ক্ষেত্রবোৰত যাতে সামাজিক দূৰত্ব বজাই ৰাখি কাম–কাজ অব্যাহত ৰাখে, সেয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে ৷

মুখ্যমন্ত্রীয়ে খাদ্যৰ মজুতকৰণ আৰু যোগান ব্যৱস্থাকে ধৰি বিভিন্ন বিভাগৰ কাম–কাজৰ পর্যালোচনা কৰে৷ আজিৰ এই পর্যালোচনা বৈঠকত সাংসদ প্রদান বৰুৱা, বিধায়কসকল ক্রমে বলীন চেতিয়া, সুৰেন ফুকন, বিমল বৰা, তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগু, উপ–আৰক্ষী মহাপৰিদর্শক (উত্তৰ–পূব সংমণ্ডল) জিৎমল দলে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, শদিয়াৰ মহকুমাধিপতি শ্যামলাল ক্ষেত্রীয় গগৈ প্রমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী সোণোৱালে কয় যে লকডাউনৰ দ্বিতীয় পর্যায়ৰ কার্যসূচীত অসমৰ জনসাধাৰণে সামাজিক দূৰত্ব বর্তাই ৰাখি এই কার্যসূচী সফল ৰূপ দিয়াৰ বাবে প্রয়াস কৰিছে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্রতিখন জিলা তথা মহকুমাৰ স্বাস্থ্য খণ্ডত যিসমূহ পদক্ষেপ গ্রহণ কৰিছে, তাৰ ফলত ক’ভিড–১৯ত আক্রান্ত ৰোগীসকলক উন্নতমানৰ চিকিৎসা প্রদান কৰি আৰোগ্য কৰাটো সম্ভৱ হৈ উঠিছে ৷

এনে ধৰণে ক’ভিড–১৯ৰ পৰা উৎপত্তি হ’ব পৰা যিকোনো প্রত্যাহ্বানৰ যোগ্য প্রত্যুত্তৰ দিবৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সকলো প্রস্তুতি সম্ভৱ কৰি তুলিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ইয়াৰ ফলত ৰাইজৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে এই সময়ছোৱাৰ ভিতৰত অসমৰ কোনো লোকে যাতে অনাহাৰে থাকিব নালাগে, তাৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া খাদ্যবস্তু যোগান ধৰাৰ বাবেও ইতিমধ্যে পদক্ষেপ গ্রহণ কৰা হৈছে৷ লকডাউনৰ নীতি–নিয়ম নিষ্ঠাৰে মানি চলাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে জনগণে শৃংখলাবদ্ধভাৱে থাকি এই কার্যসূচীক সফল ৰূপ দান দিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে সূচনা হোৱা যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া চিকিৎসক, নার্ছ, আশাকর্মী, লেবৰেটৰী টেকনিচিয়ান, এম পি ডব্লিউ, ৱার্ডবয়, এম্বুলেঞ্চৰ চালক, চাফাই কর্মীসকলক যাতে সকলোৱে সন্মান প্রদর্শন কৰে তাৰ বাবে অসমৰ জনগণক মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ সমান্তৰালভাৱে অসম আৰক্ষীয়েও ২৪ ঘণ্টাই জনগণৰ স্বার্থত আত্মনিয়োগ কৰিছে বুলি উল্লেখ কৰি সুলভ মূল্যৰ দোকান পৰিচালনা কৰা ব্যক্তিসকলেও আন্তৰিকতাৰে জনসাধাৰণক দুর্যোগপূর্ণ এই সময়ছোৱাত সকাহ দিবলৈ উদ্যোগ লৈছে বুলি মুখ্যমন্ত্রীয়ে কয় ৷

ইফালে কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট বিভাগসমূহক লগত লৈ তৎপৰতাৰে কর্মপথাৰত নিয়োজিত হ’বলৈ মুখ্যমন্ত্রী সোণোৱালে আজি চৰাইদেউ জিলাৰ উপায়ুক্তক নির্দেশ দিয়ে৷ নিয়মিতভাৱে কৃষি অর্থনীতিৰ লগত সম্পর্কিত বিভাগসমূহৰ সৈতে বৈঠকত মিলিত হ’বলৈ উপায়ুক্তগৰাকীক নির্দেশ দিয়াৰ লগতে কৃষি বিভাগৰ তৃণমূল পর্যায়ৰ বিষয়া–কর্মচাৰীসক কৃষকৰ মনোবল বৃদ্ধিৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰাখি অধিক উৎপাদনশীল কৃষি কার্যত কৃষকসকল নিয়োজিত হ’ব পৰাকৈ উপযুক্ত পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্রত যাৱতীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্দেশ দিয়ে৷ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে চৰাইদেউ জিলা প্রশাসনে গ্রহণ কৰা ব্যৱস্থাৱলী পর্যালোচনা কৰাৰ বাবে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কার্যালয় সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্রী সোণোৱালে এই নির্দেশ দিয়ে ৷

মুখ্যমন্ত্রী সোণোৱালে কয় যে এই জিলাখন অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ সীমান্তৱর্তী হোৱা বাবে সীমান্তত তীক্ষ্ণ নজৰ ৰাখিব লাগিব৷ সীমান্তৱর্তী এলেকাকে ধৰি জিলাখনৰ প্রতিটো দুখীয়া পৰিয়ালে চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ যাতে নিশ্চিত ৰূপত লাভ কৰে, সেই দিশতো দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে চৰাইদেউ জিলাৰ যোগান ব্যৱস্থাৰো বুজ লয়৷ বৈঠকত মুখ্যমন্ত্রীয়ে প্রতি তিনি দিনৰ অন্তৰে অন্তৰে জিলাৰ দায়িত্বত থকা মন্ত্রীগৰাকীৰ সৈতে বৈঠকত মিলিত হৈ লকডাউন কার্যসূচী সফল কৰাৰ লগতে কেন্দ্রীয় চৰকাৰৰ নীতি–নির্দেশনাৰ ভিত্তিত যিবোৰ শিথিলতা দিয়া হৈছে, সেই ক্ষেত্রত সামাজিত দূৰত্ব বজাই ৰাখিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে প্রতিটো বিভাগৰে কাম–কাজ পর্যালোচনা কৰি দলীয় মনোভাবেৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায়৷

You might also like