নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বাহিৰত থকা কৰ্কট-বৃক্ক-হৃদৰোগত আক্ৰান্ত সকললৈ ২৫ হাজাৰ টকাৰ সাহায্য

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অসমৰ যিসকল লোকে অসমৰ বাহিৰত কৰ্কট-বৃক্ক-হৃদৰোগৰ চিকিৎসাৰ বাবে গৈছিল লকডাউনৰ বাবে এতিয়া সেইসকল লোক সেই স্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে । বহু সংখ্যক ৰোগীয়ে হয়তো ধনৰ অভাৱত তেনেদৰেই বহিঃৰাজ্যত পাৰ কৰিছে দিন । শুকুৰবাৰে অসমৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেইসকল লোকৰ বাবে সাহায্য দিয়াৰ কথা ঘোষণা কৰে । এই ৰোগীসকলৰ বাবে সাহায্য ঘোষণাৰ কথা কোৱা হৈছিল যদিও ধনৰ পৰিমাণ জনোৱা নাছিল বিত্তমন্ত্ৰীগৰাকীয়ে । দেওবাৰে স্বাস্থ্যবিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যৰ বাহিৰত থকা প্ৰতিগৰাকী ৰোগীকে ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ হ’ব বুলি উল্লেখ কৰে ।

অৱশ্যে সকলো ৰোগীৰ বাবে এই সাহায্যৰ কথা ঘোষণা কৰা নাই চৰকাৰে । যিসকল ৰোগী কৰ্কট-বৃক্ক অথবা হৃদৰোগৰ চিকিৎসাৰ বাবে গৈছিল সেইসকলে ৬৯০১২৮১৮৬২ ৱাটছএপ নম্বৰত নিজৰ বেংক একাউণ্ট নম্বৰ আৰু সকলো তথ্য-পাতি পঠাবৰ বাবে আহ্বান জনাইছে চৰকাৰে । প্ৰথমতে ৰোগীসকলে ০৩৬১-২৫৫৮৯৫৫ ফোন নম্বৰত ফোন কৰি নিজৰ সবিশেষ জনাব লাগিব । কোন হাস্পতালত আছে অথবা কোন ঠাইৰ ভাড়াঘৰত তেওঁলোক আবদ্ধ হৈ আছে সেইয়াও সোধা হ’ব । লগতে অসমত থকা তেওঁৰ ঘৰৰ অন্য এটা নম্বৰো দিব লাগে । যাতে চৰকাৰৰ প্ৰতিনিধিয়ে তেওঁৰ অসমৰ ঠিকনাত গৈ চিকিৎসাৰ বাবে যোৱা কথাটোৰ সত্যাসত্য নিৰূপণ কৰিব পাৰে ।

উল্লেখ্য যে মুম্বাইত থকা প্ৰায় ১৫০ গৰাকী কৰ্কট ৰোগীৰ লগতে প্ৰায় ৪০০০ ৰোগীয়ে বহিঃৰাজ্য়লৈ চিকিৎসাৰ বাবে গৈছিল । ইতিমধ্যে সেইসকল লোক অসমলৈ আহিবৰ বাবে সাজু হৈ আছে বুলি জানিব পৰা গৈছে ।

You might also like