ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ পৰ্যালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ৯জুলাইঃ ক’ভিডক লৈ অসমৰ পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কামৰূপ মেট্ৰ’ জিলাত সৰ্বাত্মক লক ডাউনৰ ওপৰতো আলোচনাত মিলিত হয় সোণোৱাল।
খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী কলেজত অনুষ্ঠিত হোৱা বৈঠকত অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বৈঠক অনুষ্ঠিত হয়। জনতা ভৱনৰ অগ্নিকাণ্ডক লৈয়ো আলোচনা হয়। ক’ৰোনাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহো পৰ্যালোচনা কৰা হয়। উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত সকলো বিষয়ৰ ওপৰত আলোচনা কৰা হয়।