নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ আজিৰে পৰা ৰাজ্যৰ অধিকাংশ চাহ বাগিচাত লকডাউন শিথিল কৰা হৈছে । কাছাৰ জিলাক বাদ দি ৰাজ্যৰ ৮৬৩ খন চাহ বাগিচা পৰ্যায়ক্ৰমে জিলাভেদে আংশিকভাৱে খোলা হৈছে । সেই অনুসৰি ডিব্ৰুগড় জিলাৰ ১৭৭খন পঞ্জীয়নকৃত চাহ বাগিচাৰ পৰা লকডাউন প্ৰত্যাহাৰ কৰা হৈছে । মহামাৰী ক’ভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি জাৰি কৰা লকডাউনৰ প্ৰভাৱত অসমৰ চাহ উদ্যোগতো বাজি উঠিছিল বিপদঘণ্টা । লকডাউনৰ ফলত ৮৬৩ খন পঞ্জীয়নকৃত চাহ বাগিচাৰ লগতে ১ লাখৰো অধিক ক্ষুদ্ৰ চাহ বাগিচাৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল বাগিচাসমূহ । বছৰি ৫.৫০ লাখ কিলোগ্ৰাম চাহ উৎপাদন কৰা বাগিচাই হেৰুৱাব ৮.৫ ৰ পৰা ৯ শতাংশ ফচল । ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ সমীক্ষা অনুসৰি ভাৰতত উৎপাদিত ১,৩৯০ মিলিয়ন কিলোগ্ৰাম চাহত অসমৰ ৬৭১ মিলিয়ন কিলোগ্ৰাম উৎপাদিত চাহে অৰিহণা যোগাইছে । ইয়াৰ মূলতে হৈছে ৰাছিয়া, কাজাখস্তান, ইউক্ৰেইন, ব্ৰিটেইন, জাৰ্মানী, পোলেণ্ড, আমেৰিকা, ইৰান, ইজিপ্ত, ছৌদি আৰব, ইউ এ ই আদি দেশসমূহত অসম তথা ভাৰতৰ উৎপাদিত চাহৰ আদৰ সৰ্বাধিক । চলিত বৰ্ষৰ জানুৱাৰী মাহটো সামৰি যোৱাটো বিত্তীয় বৰ্ষত ২৪৮ মিলিয়ন কিলোগ্ৰাম চাহৰ ৰপ্তানি হৈছে পশ্চিমীয়াৰ লগতে অন্যান্য দেশলৈও । সম্প্ৰতি জটিল সন্ধিক্ষণত অসমৰ চাহৰ বাৰ্ষিক উৎপাদনৰ লগতে ৰপ্তানিৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ আশংকা আছে । যোৱা বৰ্ষৰ এপ্ৰিল মাহত অসম উপত্যকাৰ বাগিচাসমূহে উৎপাদন কৰা ৪১.৯১ মিলিয়ন কিলোগ্ৰাম চাহৰ বিপৰীতে বৰ্তমান লকডাউনৰ ফলত ইয়াৰ উৎপাদিত পৰিমাণ স্বাভাৱিকভাৱে যথেষ্ট পৰিমাণে নিম্নগামী হ’ব । ইফালে, চাহৰ ৰপ্তানি হ্ৰাস পোৱাৰ সমান্তৰালভাৱে ঘৰুৱা উপভোক্তাৰ চাহিদাও কমি অহাৰ আশংকা কৰা হৈছে । আনহাতে, চাহ শ্ৰমিক সংস্থা আৰু বাগিচা কৰ্তৃপক্ষৰ মাজৰ বুজাবুজি চুক্তিত লকডাউনৰ সময়ছোৱাত প্ৰতিগৰাকী স্থায়ী চাহ শ্ৰমিকক প্ৰতি সপ্তাহে ৫০০ টকাকৈ প্ৰদান কৰাৰ লগতে লকডাউনৰ আগদিনালৈকে কৰ্মৰত অস্থায়ী শ্ৰমিকসকলৰ ওপৰতো একে নীতি প্ৰযোজ্য হৈছে । উল্লেখ্য যে চৰকাৰী নিৰ্দেশনা অনুসৰি বন্ধৰ সময়ছোৱাত চাহ শ্ৰমিকসকলৰ মাজত বেতন-ৰচদপাতি নিয়মীয়াকৈ যোগান ধৰি আহিছে বাগিচা কৰ্তৃপক্ষই । চাহ উদ্যোগে সন্মুখীন হোৱা জটিল সমস্যাৰ বাবে ইতিমধ্যে একালৰ নামী চাহ কোম্পানী আছাম কোম্পানী লিমিটেড, উইলিয়ামচন মেগৰ, গ্লিণ্ডাৰ্ছ কোম্পানী আদিৰ দৰে বহুকেইটা চাহ কোম্পানীয়ে চাহ বাগিচা বিক্ৰী কৰি দিব লগা পৰিস্থিতি উদ্ভৱ হৈছিল । লকডাউনৰ ফলত পুনৰ এনে অশনি সংকেত আহিছে অসম চাহ উদ্যোগলৈ । সেয়ে ,বাগিচা কৰ্তৃপক্ষই অসম চৰকাৰ আৰু জিলা উপায়ুক্তলৈ বাগিচা লকডাউন শিথিল কৰিবলৈ আবেদন জনায় । আবেদনৰ ভিত্তিত জিলাভেদে বাগিচাসমূহত শিথিল কৰা হৈছে লকডাউন ।