নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ফেব্ৰুৱাৰীঃ য’তেই কংগ্রেছৰ ভাৰত জোড়ো ন্যায় যাত্রা চলিছে তাতেই কংগ্রেছৰ পতন হৈছে৷ এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি তেলেংগানাত বিজেপিৰ বিজয় সংকল্প যাত্রাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রথমে ন্যায় যাত্রা অসমলৈ গ’ল৷ লগে লগে অসমৰ সকলো কংগ্রেছ বিধায়ক বিজেপিমুখী হ’ল৷ তাৰ পিছতেই ন্যায় যাত্রা পশ্চিমবংগলৈ গ’ল৷ পশ্চিমবংগত তৃণমূল কংগ্রেছৰ লগত জোটবন্ধন ছিঙি গ’ল৷ বিহাৰলৈ গ’ল, বিহাৰত চৰকাৰৰ পতন ঘটিল৷ তাৰ পিছত ঝাৰখণ্ডলৈ গ’ল, ঝাৰখণ্ডৰ মুখ্যমন্ত্রীৰ পতন ঘটিল৷ এতিয়া উত্তৰ প্রদেশত গৈ আছে৷ উত্তৰ প্রদেশতো অখিলেশ যাদৱৰ লগত জোঁটবন্ধনৰ কাজিয়া আৰম্ভ হৈছে৷ য’তেই এই ন্যায় যাত্রা যাব তাতেই কংগ্রেছৰ প্রতি অন্যায় হ’ব৷ ইপিনে, বিজয় সংকল্প যাত্রাত ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ কার্যসূচী কংগ্রেছে বর্জন কৰাৰ উল্লেখ কৰি কয় যে সেই অনুষ্ঠানলৈ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকার্জ্জুন খার্গে কোনো নাহিল৷ তাৰ মানে হিন্দুৰ প্রতি তেওঁলোকৰ মৰম নাই আৰু হিন্দুৰ লগত ৰাজনীতিও নাই৷ সদায় তেওঁলোক বাবৰৰ লগতহে থাকিব বিচাৰে৷ কিন্তু এইখন ভাৰতবর্ষ ৰাম আৰু কৃষ্ণৰ লগত থাকিব৷ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ অনুষ্ঠানলৈ নোযোৱা কংগ্রেছ দলৰ তেলেংগানাৰ মুখ্যমন্ত্রীয়ে তবলিকি জামাতক টকা দিয়ে৷ কেৰালাৰ মুখ্যমন্ত্রীয়ে ৱাকফ ব’ৰ্ডক টকা দিয়ে৷ কিন্তু এইখন ভাৰতবর্ষ নির্মাণত সর্বোচ্চ বৰঙণি দিছে হিন্দুৱে৷ ৰাইজৰ পৰা আহৰণ কৰা খাজনা এটা বিশেষ সম্প্রদায়ৰ বাবে নহয়, দেশৰ গৰীৱৰ কল্যাণ আৰু উন্নয়নৰ বাবেহে সেই খাজনাৰ টকা ব্যৱহাৰ হোৱা উচিত৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই লগতে কংগ্রেছৰ কোনো এটা গেৰাণ্টীয়েই কোনো এখন ৰাজ্যতেই কার্যকৰী নোহোৱাৰ উল্লেখ কৰি কয় যে হিমাচল প্রদেশত পাঁচ লাখ নিবনুৱাক চাকৰি দিয়াৰ গেৰাণ্টী দিছে৷ সেয়া আজিও পূৰণ নহ’ল৷ কর্ণাটকত দিয়া গেৰাণ্টীৰ এটাও পূৰণ নহ’ল৷ তেলেংগানাতো কোনো এটা গেৰাণ্টীয়েই ৰূপায়ণ হোৱা নাই৷ আসন্ন লোকসভা নির্বাচনত ইয়াৰ প্রত্যুত্তৰ পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশত এতিয়া কেৱল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গেৰাণ্টীকহে ৰাইজে বিশ্বাস কৰে৷