নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : ৰূপহীহাটৰ সোণাই-ছাইদৰীয়া পথত ৰাইজৰ উত্তাল প্ৰতিবাদ৷ ৰূপহীহাট সমষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে ৷ পথছোৱাত প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হৈছে ৷ এজাক বৰষুণৰ ফলতে পথছোৱাত এক বোকাময় পৰিৱেশৰ সৃষ্টি হয় ৷ যোৱা বছৰত পথছোৱা মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিও ঠিকাদাৰৰ মইমতালিৰ বাবে পথছোৱা এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ৷ পথছোৱাত ঠিকাদাৰে পাহাৰীয়া মাটি পেলোৱাৰ ফলত এক বোকাময় পৰিৱেশৰ সৃষ্টি হোৱাত পথ নে পথাৰ ধৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ পথছোৱাৰ এনে দুৰৱস্থাৰ বাবেই প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ পথটোৰ দুৰৱস্থাৰ বাবে আজি স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়৷ প্ৰতিবাদকাৰী ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ দাবী জনায় ৷
প্ৰেৰক জহিৰুল ইছলাম