নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লযাত্রীৰ বাবে জ’নেল স্ক্রীনিং চেণ্টাৰ হ’ব ডিব্রুগড়ত

যোৰহাটত বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১২ মে’ : আজিৰ পৰা দেশত আৰম্ভ হ’ব সাধাৰণ যাত্রীৰ বাবে ৰে’লসেৱা ৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে অসমলৈও বহিঃৰাজ্যৰ পৰা বহুসংখ্যক ব্যক্তিৰ আগমন হোৱাটো নিশ্চিত হৈ পৰিছে ৷ বাহিৰৰ পৰা অহা কোনো ব্যক্তিৰ পৰা যাতে ক’ৰোনা বিয়পিব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে কেতবোৰ বিশেষ পৰিকল্পনা ৷ সোমবাৰে যোৰহাটত এই বিষয়ে সদৰী কৰি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আজিৰ পৰা এক ডাঙৰ প্রত্যাহ্বান হ’ব যে দেশত ৰে’লসেৱা আৰম্ভ হ’ব ৷ ৰে’ল চলাৰ লগে লগে প্রতিখন ৰে’লত ১ হাজাৰৰ পৰা ১,২০০ মানুহৰ আগমন হ’ব ৷ অর্থাৎ ২৫ তাৰিখৰ আগতে ১০ হাজাৰ নতুন মানুহ অসমত সোমাব ৷ এয়া কেৱল ৰে’লযোগে আহিবলগীয়া যাত্রীৰ সংখ্যাহে ৷ গাড়ীৰে যাতায়াত কৰাসকলৰ কথা বেলেগ ৷ এতিয়া বহুতে কৈছে যে অসমলৈ বাহিৰৰ পৰা মানুহ আনিব নালাগে ৷ কিন্তু চৰকাৰে কোনো নতুন মানুহ অনা নাই ৷ কেৱল ঘৰৰ মানুহহে ঘৰলৈ উভতি আহিছে ৷ তেওঁলোক যিসমূহ ৰাজ্যত আছিল, তাৰ পৰা লাহে লাহে মানুহবোৰ পঠিয়াই দিয়া হৈছে ৷ নিজৰ নিজৰ ৰাজ্যলৈ মানুহবোৰক উভতি যাবলৈ কোৱা হৈছে ৷

সেই বাবে কেন্দ্রীয় চৰকাৰে এটা নির্দেশনা দিছে যে যদি কোনো লোক নিজৰ জন্মভূমিলৈ উভতি যাব খোজে, তেনেহ’লে ৰাজ্য চৰকাৰে সেই লোকসকলক বাধা দিব নোৱাৰিব ৷ গতিকে এই বিষয়টোত যদিও ৰিস্ক আছে, তাৰ মাজতে সমস্যাটোৰ সমাধান কৰিব লাগিব ৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে গ্রহণ কৰা ব্যৱস্থা সন্দর্ভত মন্ত্রী ড০ শর্মাই লগতে কয় যে যিসকল লোক বাহিৰৰ পৰা আহিব, তেওঁলোকক নিজৰ নিজৰ সমষ্টিলৈ কোৱাৰেণ্টাইনৰ বাবে পঠিয়াই দিয়া হ’ব ৷ এইক্ষেত্রত বিধায়কসকলেও সহযোগ কৰিব লাগিব ৷ কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবে শৌচাগাৰ–প্রস্রাৱগাৰ আদি নির্মাণ কৰিব লাগিব ৷ তদুপৰি এটা বিশেষ বিষয়ত ৰাইজৰ সহযোগ লাগিব ৷ বহু সময়ত দেখা গৈছে যে হোম কোৱাৰেণ্টাইনলৈ পঠিয়াই দিয়া ব্যক্তিসকল বাহিৰত ঘূৰি ফুৰে বা তেওঁলোক বাহিৰলৈ নোলালেও পিতৃ–মাতৃসকল ওলাই আহে ৷ যদিহে কোনো ব্যক্তিৰ ঘৰত সুকীয়া কোঠা আছে আৰু তাতেই হোম কোৱাৰেণ্টাইন কৰা হৈছে, তেতিয়া কথাটো বেলেগ ৷ কিন্তু যিসমূহ পৰিয়ালত কোঠালি অনুপাতে মানুহৰ সংখ্যা বেছি, তাত স্বাভাৱিকতে ইজন ব্যক্তি সিজনৰ সংস্পর্শলৈ আহে ৷ গতিকে পৰিয়ালটোৰ আন ব্যক্তিসকল বাহিৰলৈ ওলালে কথাটো একেই হ’ল ৷ সেয়ে পর্যাপ্ত কোঠা নথকা ঘৰখনৰ সম্পূর্ণ পৰিয়ালটোকে কোৱাৰেণ্টাইন কৰা হ’ব ৷ গোটেই ঘৰখনক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব ৷ ঘৰখনক গাঁৱৰ মানুহে নঙলামুখত বা গেটত খাদ্য–সামগ্রী যোগান ধৰিব ৷ ইয়াৰ বাবে ৰাইজৰ কমিটী এখন গঠন কৰা হ’ব ৷ ৰাইজ যাতে সজাগ হৈ থাকে, কোৱাৰেণ্টাইনত থকা ব্যক্তি তথা পৰিয়ালক যাতে সহায় কৰিব পৰা যায়, তাৰ বাবে এই কমিটী গঠন কৰা হ’ব ৷

এই সমগ্র বিষয়টো সহযোগিতা আৰু বুজাবুজিৰ মাজেৰে হ’ব লাগিব ৷ আজি এই সন্দর্ভত আনুষ্ঠানিক ঘোষণা কৰা হ’ব আৰু জিলা উপায়ুক্তসকলে গোটেই বিষয়টো ভালদৰে বুজাই দিব ৷ ৰাইজে যদি এনেদৰে সহযোগ কৰে, তেনেহ’লে ভয়ৰ কোনো কাৰণ নাই ৷ চৰকাৰৰ পৰা এটাই অনুৰোধ যে কোৱাৰেণ্টাইনত থকা কোনো লোক যাতে ঘৰৰ পৰা নোলায়৷ প্রথমৰ পৰাই সকলো সজাগ–সাৱধান হৈ থাকিব লাগিব ৷ ইফালে, ৰে’লযোগে অহা যাত্রীসকলৰ ক্ষেত্রত ষ্টপেজৰ ওপৰত নির্ভৰ কৰি স্ক্রীনিঙৰ ব্যৱস্থা কৰা হ’ব ৷ এই বিষয়ে উপায়ুক্তসকলৰ লগত আলোচনা কৰা হৈছে বুলি সদৰী কৰি মন্ত্রী ড০ শর্মাই ডিব্রুগড়ত এটা জ’নেল স্ক্রীনিং চেণ্টাৰ স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে ৷ তেওঁ কয় যে ডিব্রুগড় ষ্টেচনত নমাৰ পাছত যাত্রীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব ৷ তাৰ পাছতহে যাত্রীসকল আন ঠাইলৈ যাব পাৰিব ৷

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা উভতি অহা উজনি অসমৰ পাঁচখন জিলাৰ লোকসকলৰ বাবে যোৰহাটত স্থাপন কৰা স্ক্রীনিং আৰু কোৱাৰেণ্টাইন চেণ্টাৰ সোমবাৰে ড০ হিমন্ত বিশ্ব শর্মাই পৰিদর্শন কৰে ৷ প্রথমেই মন্ত্রী শর্মাই যোৰহাট জিলাৰ সীমাত থকা কাকডোঙাৰ বর্ষা ৰিজ’ৰ্টত স্থাপন কৰা স্ক্রীনিং চেণ্টাৰ পৰিদর্শন কৰি চিকিৎসক, স্বাস্থ্যকর্মীসকলৰ খবৰ লয় ৷ ইয়াৰ পাছতে তেওঁ কাজিৰঙা বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত সোমাই পৰিস্থিতিৰ বুজ লয় ৷ মন্ত্রীজনৰ এই পৰিদর্শনকালত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ কামাখ্যাপ্রসাদ তাছা আৰু তপন গগৈয়ে অংশগ্রহণ কৰে ৷ ইয়াতে জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰতিৰ পৰা সমগ্র ব্যৱস্থাৰ বুজ লয়৷ বাহিৰৰ পৰা অহা উজনিৰ পাঁচখন জিলাৰ লোকসকলক এইক্ষেত্রত স্ক্রীনিং কৰি প্রশাসনে ঠিক কৰা দহখন হোটেল আৰু কাজিৰঙা বিশ্ববিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ এই দুই কার্যসূচী সম্পন্ন কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মা পোনে পোনে যোৰহাট মেডিকেল কলেজলৈ যায় ৷ তাত মন্ত্রীজনে নতুনকৈ স্থাপন কৰা ৫০খন বিছনাযুক্ত এটা আই চি ইউ মুকলি কৰে ৷

You might also like