নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱৰ্ল্ড বডী বিল্ডিং চেম্পিয়নশ্বিপত পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে গুৰু শিষ্যই

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ অসমলৈ সুখবৰ । অসম সন্তান ধ্ৰুৱ তামুলীয়ে দখল কৰিলে মিষ্টাৰ ৱৰ্ল্ড ২০২০ । ৱৰ্ল্ড ফিটনেছ ফেডাৰেছন (WFF) আৰু ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেছন (WBBF) ৪ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত কৰা এই চেম্পিয়নশ্বিপখনত ৮০ কেজি শাখাত অসমৰ দেৰগাঁৱৰ সন্তান ধ্ৰুৱ তামুলীয়ে এই খিতাপ দখল কৰে ।

ইফালে এই একেখন খেলতে নুমলীগড়ৰ কুশল চাংমাইয়ে ৮০- ৯০ কেজি শাখাত ৱৰ্ল্ড গ্ৰেণ্ডপ্ৰিক্স এমেচাৰত চেম্পিয়নৰ খিতাপ দখল কৰাৰ লগতে মিষ্টাৰ ইণ্ডিয়াত চেম্পিয়ন অৱ দ্যা চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

ইপিনে এই প্ৰতিযোগিতাখনত বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছিল ৷ ইফালে এই খিতাপ অৰ্জনৰ পাছতে দুইগৰাকী খেলুৱৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা দেৰগাঁৱৰ ধ্ৰুৱ তামুলী কুশল চাংমাইৰ ছাত্ৰ । 

You might also like