নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ মন স্থিৰ ৰখাৰ দৰকাৰ হ’ব৷ অনাহক হ’লেও মনবিৰোধী কথাত খং উঠিব পাৰে৷ ভবামতে কামত অগ্রসৰ হ’ব৷ শুভ বর্ণ মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ২৷
বৃষ ঃ চোৰৰ পৰা সাৱধানে থাকক৷ মুক্তভাৱে ধন নাৰাখিব৷ বিদ্যাত মধ্যম৷ মন চঞ্চল থাকিব৷ শুভ বর্ণ গাঢ় নীলা৷ এই ৰঙৰ ব্যৱহাৰে আপোনাৰ সফলতা আনিব৷ শুভ সংখ্যা ৪৷
মিথুন ঃ ভ্রমণাদি পৰাপক্ষত স্থগিত ৰাখক৷ শৰীৰৰ প্রতিও নজৰ ৰাখিব লাগিব৷ আত্মীয়ক লৈ উদ্বেগৰ কাৰক৷ শুভ বর্ণ চকলেট ৰং৷ আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ৫৷
কর্কট ঃ মজলীয়া দিন অৱশ্যে তাৰ মাজতে দুই–এটা যোগাযোগত আনন্দিত হ’ব৷ আজি আপোনাৰ শুভ বর্ণ হালধীয়া৷ হালধীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ১৷
সিংহ ঃ আনৰ কথাত উঠা–বহা কৰাসকল সাৱধান থাকক৷ আজি আপুনি পুৱা বেলগছত পানী ঢ়ালিব৷ শুভ বর্ণ সেউজীয়া৷ শুভ সংখ্যা ৩৷
কন্যা ঃ বিষয় সম্পত্তিৰ লগত লাগি থকাসকল উপকৃত হ’ব৷ কিছুমান পাৰিৱেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব৷ শুভ বর্ণ বগা৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷
তুলা ঃ দূৰ যাত্রাদিত বাধা থাকিব৷ অনাহক কথা বুলি নজনাৰ বাবে মতান্তৰ মাজত সোমাই পৰিব৷ নতুন সংযোগ আছে৷ আপুনি আজি কমলা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ২৷
বৃশ্চিক ঃ আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব৷ শৰীৰ সম্পর্কে সচেতন ব্যক্তিৰ চিন্তা কম৷ আপুনি আজি ৰঙা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৮৷
ধনু ঃ অভাৱনীয় কথাত খৰচৰ পথ ওলাব৷ নকৰো বুলি বা নিদিও বুলি ভবা কথাকো ৰাখিব নোৱাৰিব৷ আপোনাৰ শুভ বর্ণ পাতল সেউজীয়া৷ সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৭৷
মকৰ ঃ কথা ব্যৱহাৰত সংযত থাকক৷ ঘৰুৱাত সিমান বেয়া নহয়৷ বিদ্যার্থীসকলে আজি পুৱা তুলসীৰ তলত পানী ঢ়ালিব৷ দুখীয়াক দান কৰিব৷ শুভ বর্ণ গোলপীয়া৷ শুভ সংখ্যা ৯৷
কুম্ভ ঃ উন্নত পৰিৱেশ৷ ঘৰুৱা মনোমত পৰিৱেশ আশা কৰিব পাৰে৷ সন্তানৰ সান্নিধ্যত উৎসাহিত৷ আপুনি আজি ক’লা ৰঙৰ পৰা বিৰত থাকক৷ শুভ সংখ্যা ২৷
মীন ঃ কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা৷ আজি আপুনি যাত্রা কৰোঁতে মানীবেগত তিনিটা তুলসীৰ পাত ল’ব৷ ক্রীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷

You might also like