নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন

  • ২৯ ডিচেম্বৰলৈকে চলিবলগীয়া এই অধিৱেশনত ১৬খন নতুন বিধেয়ক উত্থাপন কৰিব কেন্দ্রীয় চৰকাৰে

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : সংসদৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে৷ ৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে ২৩ দিন ধৰি চলিবলগীয়া সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্রীয় চৰকাৰে ১৬খন নতুন বিধেয়ক উত্থাপন কৰিব৷ সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে শীতকালীন অধিৱেশনত চৰকাৰে ১৬খন নতুন বিধেয়ক উত্থাপন কৰিব বুলি ইতিপূর্বে ঘোষণা কৰিছে৷ বিগত বর্ষাকালীন অধিৱেশনত মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাক লৈ বিৰোধীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ পৰিপ্রেক্ষিতত অধিৱেশনৰ কাম–কাজত ব্যাঘাত জন্মিছিল৷ আনকি চৰকাৰে প্রয়োজনীয় কেইবাখনো বিধেয়ক অধিৱেশনত উত্থাপন কৰিব পৰা নাছিল৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা আৰম্ভ হ’বলগীয়া অধিৱেশনখন সুচাৰুৰূপে আগবাঢ়ি যোৱাৰ ক্ষেত্রত বিৰোধী দলৰ সহায়ৰ আৱশ্যক হৈ পৰিছে৷ এনে কাৰণতে সংসদীয় পৰিক্রমা মন্ত্রী যোশীয়ে আজি অধিৱেশনৰ পূর্বে সর্বদলীয় বৈঠক আহ্বান কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত বিৰোধী দলৰ সৈতে সর্বদলীয় বৈঠক অনুষ্ঠিত হ’ব৷

You might also like