নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত কেপছুলসহ ধৃত ১

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : যোৱানিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী শিঙিমাৰী প্ৰথম খণ্ড অঞ্চলৰ পৰা নিচাযুক্ত কেপছুলসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত যোৱানিশা ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটি দলে শিঙিমাৰী প্ৰথম খণ্ড অঞ্চলত এক অভিযান চলাইছিল। আৰক্ষীৰ সেই অভিযানটোত ৪৩২টা স্পাচ ট্ৰেংকান প্লাচ (Spas Trancan Plus) নামৰ নিচাযুক্ত কেপছুল জব্দ হোৱাৰ সমান্তৰালকৈ এজন ড্ৰাগছ সৰবৰাহকাৰীকো কৰায়ত্ত কৰিবলৈ সক্ষম হয় দলটোৱে। ধৃত যুৱকগৰাকী সেই গাঁওখনৰেই বাসিন্দা আব্দুল খালেক বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like