নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রদেশত বিশাল গণসমাৱেশ সম্বোধন প্রধানমন্ত্রী মোদীৰ

🔹 বিৰোধী ঐক্য ‘ইণ্ডিয়া’ক কঠোৰ সমালোচনা

🔹 সনাতন ধর্ম ধ্বংস কৰিব বিচাৰিছে ‘ইণ্ডিয়া’ই– মোদী 

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : বিধানসভা নির্বাচন অনুষ্ঠিতব্য মধ্যপ্রদেশত বিশাল সমাৱেশ সম্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ৰাজ্যখনৰ সাগৰ জিলাত বিশাল সমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে বিৰোধী ঐক্য ‘ইণ্ডিয়া’ক আক্রমণৰ লক্ষ্য কৰি লয়৷ তামিলনাডুৰ মুখ্যমন্ত্রীৰ পুত্র উদয়ানিধি ষ্টেলিনে সনাতন ধর্ম নির্মূল কৰিব বুলি কৰা মন্তব্যক আধাৰ কৰি লৈ আজি প্রধানমন্ত্রী মোদীয়ে বিৰোধী ঐক্যক কঠোৰ সমালোচনা কৰে৷ বিৰোধী ঐক্য ‘ইণ্ডিয়া’ক সনাতন ধর্মৰ ভাবুকি বুলি আখ্যা কৰাতেই ক্ষান্ত নাথাকি প্রধানমন্ত্রী মোদীয়ে বিৰোধী ঐক্য দেশৰ সংস্কৃতি আৰু নাগৰিকৰ প্রতিও ভাবুকি বুলি কয়৷ সনাতন ধর্ম বিনাশ কৰিব বিচৰা বুলি উল্লেখ কৰি বিৰোধী ঐক্যক অহংকাৰী আখ্যাৰে প্রধানমন্ত্রী মোদীয়ে কয়– একাংশ গোটে দেশ আৰু সমাজক বিভক্ত কৰাৰ বাবে কাম কৰি আছে৷ তেওঁলোকে একত্রিত হৈ ‘ইণ্ডিয়া’ এলায়েন্স গঠন কৰিছে৷ তেওঁলোকে গোপন এজেণ্ডা হিচাপে ভাৰতৰ সংস্কৃতিক আক্রমণৰ সিদ্ধান্ত লৈছে৷ ‘ইণ্ডিয়া’ এলায়েন্সে সনাতন সংস্কৃতি সমাপ্ত কৰাৰ প্রস্তাৱ লৈছে৷ সনাতন ধর্ম বিনাশ কৰাৰ লগতে দেশক হাজাৰ বছৰ পুৰণি দাসত্বৰ যুগলৈ ওভতাই নিব বিচাৰে বুলিও বিৰোধী ঐক্যক সমালোচনা কৰে মোদীয়ে৷ বিৰোধীক আক্রমণ কৰি প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ নায়ক আৰু সনাতন সংস্কৃতিৰ মাজত সম্পর্কক উদঙাই দিয়ে৷ প্রধানমন্ত্রী মোদীয়ে কয়– দেৱী অহিল্যবাই হোলকাৰৰ অনুপ্রেৰণাৰ দ্বাৰা অহংকাৰী এলায়েন্সে সনাতন সংস্কৃতি আৰু পৰম্পৰা শেষ কৰিব বিচাৰিছে৷ এই সনাতনৰ শক্তি হৈছে ঝান্সী ৰাণী লক্ষ্মীবাঈ, যিয়ে ব্রিটিছক প্রত্যাহ্বান জনাব পাৰিছিল আৰু নিজৰ জীৱন বলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে সনাতন ধর্মক তেওঁৰ জীৱনৰ অভিন্ন অংগ বুলি কৈছিল৷ ভগৱান নামৰ অনুপ্রেৰণাৰে তেওঁ সমগ্র জীৱন কটাইছিল৷ তেওঁৰ অন্তিম শব্দও আছিল ‘হে ৰাম’৷ তেনেদৰে সনাতনৰ দ্বাৰা অনুপ্রাণিত হৈ স্বামী বিবেকানন্দ আৰু লোকমান্য তিলকেও দেশলৈ বহুমূলীয়া অৱদান আগবঢ়াই গৈছে৷ ইয়াৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চই সনাতন ধর্ম বিনাশৰ সিদ্ধান্ত লোৱাটো দেশবাসীয়ে বিবেচনা কৰা উচিত৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে আজি মধ্যপ্রদেশত ৫০ হাজাৰ কোটিতকৈও অধিক টকাৰ কেইবাটাও প্রকল্প আধাৰশিলা স্থাপন কৰে৷ মধ্যপ্রদেশত বিশাল সমাৱেশ সম্বোধন কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে বিধানসভা অনুষ্ঠিত হ’বলগীয়া ছট্টিশগড়লৈ যায়৷ ৰাজ্যখনৰ ৰায়গড়ত কেইবাটাও প্রকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ ৰায়গড়ত বিশাল ৰোড শ্ব’ত অংশ লোৱা প্রধানমন্ত্রী মোদীয়ে বিশাল সভা সম্বোধন কৰি অলপতে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা জি–২০ শীর্ষ সন্মিলনৰ সফলতাৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ সমান্তৰালকৈ বিৰোধী ঐক্য মঞ্চকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে৷

You might also like