নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওপজা দিনত মুখ্যমন্ত্রীৰ ছবি অঁকা ওদালগুৰিৰ মৃণ্ময়লৈ ১ লাখ টকা

🔹 ১২ বছৰ অনূর্ধ্বৰ প্রথম স্থানপ্ৰাপক নির্জুমনলৈ ৫০ হাজাৰ টকা

নিয়মীয়া বার্তা, ডিমাকুছি, ২ ফেব্রুৱাৰী : কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদযাপন কৰে ৰাজ্যবাসীয়ে৷ ওদালগুৰিৰ হাতীগড়তো ইএম সঞ্জিৎ তাঁতীৰ উদ্যোগত দিনজোৰা কার্যসূচীৰে ব্যতিক্রমভাৱে উদযাপন কৰা হয় মুখ্যমন্ত্রী ড০ শর্মাৰ জন্মদিন৷ মুখ্যমন্ত্রীৰ জন্মদিন উপলক্ষে সঞ্জিৎ তাঁতীয়ে আয়োজন কৰে অসম ভিত্তিত চিত্রাংকন প্রতিযোগিতা৷ দুঘণ্টাৰ ভিতৰত মামাৰ চিত্র অংকন কৰি ৬ প্রতিযোগীয়ে লাভ কৰে নগদ ধন৷ হাতীগড় চাহ বাগিচাত অনুষ্ঠিত মামাৰ জন্মদিনৰ কার্যসূচী অনুসৰি পুৱা চিত্রাংকন প্রতিযোগিতা উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ ইয়াৰ পিছতেই বিভিন্ন জাতি–জনগোষ্ঠীৰ ভিন্ন ধর্মৰ লোকে সর্বধর্ম প্রার্থনাৰে নেদেখাজনৰ ওচৰত ড০ শর্মাৰ মংগল কামনা কৰে৷ হাতীগড় চাহ বাগিচাৰ পৰাই বিধানসভাৰ অধ্যক্ষ দৈমাৰী আৰু ইএম সঞ্জিৎ তাঁতীয়ে মুখ্যমন্ত্রীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীৰ জন্মদিনত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে ভাষণত মুখ্যমন্ত্রীক প্রশংসা কৰে৷ মুখ্যমন্ত্রীৰ জন্মদিন উপলক্ষে আয়োজন কৰা চিত্রাংকন প্রতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা প্রায় ৫ শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰে৷ জ্যেষ্ঠ সাংবাদিক প্রফুল্ল কুমাৰ বড়োৱে পৰিচালনা কৰা অনুষ্ঠানত ২ ঘণ্টাৰ ভিতৰত মামাৰ ছবি আঁকি ৬ প্রতিযোগীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ ১২ বছৰ ঊর্ধ্বৰ চিত্রাংকন প্রতিযোগিতাত প্রথম স্থান দখল কৰি ওদালগুৰি জিলাৰ সোণাপানী গাঁৱৰ মৃণ্ময় শর্মাই লাভ কৰে নগদ এক লাখ টকা, দ্বিতীয় স্থান দখল কৰি দৰং জিলাৰ ছিপাঝাৰৰ অৰিন্দম ডেকাই ৫০ হাজাৰ আৰু তৃতীয় স্থান দখল কৰি দৰং জিলাৰ মঙলদৈৰ বিশাল ডেকাই লাভ কৰে ২৫ হাজাৰ টকা৷ আনহাতে, ১২ বছৰ অনূর্ধ্বৰ প্রতিযোগিতাত প্রথম স্থান দখল কৰি নগদ ৫০ হাজাৰ টকা লাভ কৰে গুৱাহাটীৰ নির্জুমন বড়াই৷ দ্বিতীয় স্থান দখল কৰি ২৫ হাজাৰ টকা লাভ কৰে ৰঙিয়াৰ কমল কলিতাই আৰু তৃতীয় স্থান দখল কৰি ১৫ হাজাৰ টকা লাভ কৰে নলবাৰীৰ কৃষাণু বর্মনে৷ বিচাৰক আছিল বিশিষ্ট চিত্রশিল্পী দাদুল চলিহা, দিগন্ত মাধৱ গোস্বামী৷ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাত উপস্থিত থাকে ভাৰতীয় জনতা পার্টীৰ ওদালগুৰি জিলাৰ উপ–সভাপতি বিকন চন্দ্র ডেকা, হাতীগড় চাহ বাগিচাৰ পৰিচালক, ভেৰগাঁও মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দুর্গা কিংকৰ শর্মা, হৰিশিঙা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া, ভাৰতীয় জনতা পার্টীৰ কর্মকর্তাসকলকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি৷

You might also like