নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় স্কুল গেমছলৈ মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ দহ খেলুৱৈ

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ মধ্য প্ৰদেশৰ ইন্দোৰৰ লগতে নতুন দিল্লী আৰু পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত হোৱা ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ কাৰাটে প্ৰতিযোগিতাক মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ দহ গৰাকী কাৰাটে খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ এই খেলুৱৈসকলে তিনিটা শাখাত অসম দলক প্ৰতিনিধিত্ব কৰিব। মধ্যপ্ৰদেশৰ ইন্দোৰত অহা ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰৰ অনুৰ্দ্ধ কাৰাটে প্ৰতিযোগিতাত মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ খেলুৱৈ আৰিয়ান শৰ্মা, ঋষিৰাজ সোণোৱাল, প্ৰিয়ংকুশ কুমাৰ বৰুৱা, টানিশ গগৈ, দৰ্শন চুৰ্তি ভূঞা আৰু মুগ্ধা বৰুৱাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যোৰহাট পুলিবৰ বহতীয়া গাঁ‌ৱৰ নিবাসী পংকজ কুমাৰ বৰুৱা আৰু ইন্দিৰা বৰা বৰুৱাৰ পুত্ৰ প্ৰিয়ংকুশ কুমাৰ বৰুৱা, তিনিচুকীয়া শদিয়াৰ অসমীয়া বৰগড়া গাঁ‌ৱৰ খেতিয়ক আনন্দৰাম ভূঞা আৰু তুৰুমনি সন্দিকৈৰ কন্যা দৰ্শন চুৰ্তি ভূঞা, যোৰহাটৰ আলোক বৰুৱা আৰু অনুপমা বৰুৱাৰ কন্যা মুগ্ধা বৰুৱা, যোৰহাট মালৌ আলিৰ ব্যৱসায়ী গোপাল শৰ্মা আৰু ইন্দ্ৰানী শৰ্মাৰ পুত্ৰ আৰিয়ান শৰ্মা, যোৰহাট ৰজাবাৰীৰ অৱসৰপ্ৰাপ্ত ৰে’ল বিষয়া মুকুট সোনোৱাল আৰু বন্দিতা সোনোৱালৰ পুত্ৰ ঋষিৰাজ সোনোৱাল আৰু মৰিয়নিৰ যুৱ ব্যৱসায়ী ত্ৰিদীপ গগৈ আৰু কস্তুৰী আগৰৱালা গগৈৰ পুত্ৰ টানিশ গগৈয়ে মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ কাৰাটে প্ৰশিক্ষাৰ্থী হিচাপে দীৰ্ঘদিন ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ইফালে, নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৭ বছৰৰ অনুৰ্দ্ধ স্কুল গেমছৰ কাৰাটে প্ৰতিযোগিতাত মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ কেশৰাজ সিনহা, প্ৰত্যাশা বৰা আৰু পঞ্চীপ্ৰিয়া বৰুৱাই অংশগ্ৰহণ কৰিছে। কেশৰাজ সিনহা মৰিয়নিৰ ৰে’লৱে নিৰাপত্তা বাহিনীৰ চন্দ্ৰকান্তা সিনহা আৰু ববিতা সিনহাৰ পুত্ৰ, প্ৰত্যাশা বৰা মৰিয়নিৰ যুৱ ব্যৱসায়ী ৰঞ্জিত বৰা আৰু ৰিম্পী বৰাৰ কন্যা । আনহাতে, যোৰহাট পুলিবৰ বহতীয়া গাঁ‌ৱৰ নিবাসী পংকজ কুমাৰ বৰুৱা আৰু ইন্দিৰা বৰা বৰুৱাৰ কন্যা পঞ্চীপ্ৰিয়া বৰুৱাই মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনত কাৰাটেৰ প্ৰশিক্ষণ লৈ আছে। ইফালে, পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত হোৱা ১৪ বছৰৰ অনুৰ্দ্ধ কাৰাটে প্ৰতিযোগিতাত মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ সুনয়না গগৈয়ে অসম দলত স্থান লাভ কৰিছে । সুনয়না মৰিয়নি ডকলঙ্গীয়া যুৱ ব্যৱসায়ী সত্যজিত গগৈ আৰু শিখামনি গগৈৰ কন্যা। এইসকল খেলুৱৈয়ে মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈ (দ্বীপ)ৰ অধীনত কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। উল্লেখযোগ্য যে, ত্ৰিদ্বীপ গগৈ (দ্বীপ) ১৯ বছৰৰ অনুৰ্দ্ধ অসম দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছে। মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েছনৰ এই সফলতাত মৰিয়নি ক্ৰীড়া সন্থাৰ লগতে বিধায়ক তথা ক্ৰীড়া সংগঠক ৰূপজ্যোতি কুৰ্মীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ১৯ বছৰৰ অনুৰ্দ্ধ দলটো অহা ১৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইন্দোৰলৈ বুলি ৰাওনা হ’ব।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like