নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ৰ পৰা ২০ জুলাইৰ ভিতৰতে হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা – ঘোষণা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ১০ জুনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ হায়াৰ ছেকেণ্ডাৰী  আৰু মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত কয় যে চৰকাৰে জুলাই মাহৰ মাজভাগ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰি আছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমৰ অধিকাংশ অভিভাৱকে পৰীক্ষা পতাৰ ক্ষেত্ৰত সহমত। আনহাতে অসমৰ কেইবাটাও ছাত্ৰ সংগঠনেও পৰীক্ষা পতাৰ ক্ষেত্ৰত সহাৰি প্ৰদান কৰিছে। শিক্ষা বিভাগে জুলাইৰ মাজ ভাগত পৰীক্ষা পতাৰ ব্যৱস্থা কৰিব। লগতে কভিড নিয়ম মানি পৰীক্ষা পতাৰ ব্যৱস্থা কৰিব ।

আহহাতে কভিডত আক্ৰান্তৰ হাৰ ২ শতাংশলৈ নামিলে অনুষ্ঠিত হ’ব পৰীক্ষা।

You might also like