নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ নতুন নিযুক্তি প্রক্রিয়াত ৪ শতাংশ হাৰত প্রতিবন্ধীৰ বাবে আসন সংৰক্ষণ নিশ্চিত কৰাৰ দাবী

পূর্বৰ বেকলগ পদসমূহ শীঘ্রে পূৰণ কৰকঃ প্রতিবন্ধী সুৰক্ষা সংস্থা, অসম

নিয়মীয়া বাৰ্তা ১০ জুনঃ দিছপুৰত নতুনকৈ শাসনভাৰ লোৱাৰ পিছতেই ড০  হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰৰ প্রথমখন কেবিনেটতে ১ লাখ লোকক নিযুক্তি দিব বুলি ঘোষণা কৰা কার্যক আদৰণি জনাইছে প্রতিবন্ধী সুৰক্ষা সংস্থা, অসমে৷ সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে  সাংবাদিকৰ আগত কয় যে, নতুনকৈ চৰকাৰখনে যি নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিব বিচাৰিছে তাত ৪ শতাংশ হাৰত প্রতিবন্ধীৰ বাবে আসন সংৰক্ষণ নিশ্চিত কৰিব লাগিব৷

উল্লেখ্য যে, প্রতিবন্ধী আইন ২০১৬ৰ ৩৪ নং দফা অনুসৰি ৪ শতাংশ হাৰত নিযুক্তি নিষ্চিত কৰিব লাগে যদিও বর্তমানলৈ এই আইনখন অসমত প্রযোজ্য কৰা দেখা যোৱা নাই৷ যাৰবাবে প্রতিবন্ধীসকলৰ প্রাপ্য হাজাৰ হাজাৰ পদ বেকলগ হৈ আছে৷ যিটো ইতিমধ্যে চৰকাৰী তথ্যত প্রকাশ পাইছে৷ নতুনকৈ কৰিবলগীয়া নিযুক্তি প্রক্রিয়াত যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয়, তাৰ বাবে ইতিমধ্যে সকলো তথ্য দি ৰাজ্যৰ মুখ্যমন্ত্রী, সমাজ কল্যাণ মন্ত্রী আৰু শিক্ষামন্ত্রীলৈ পৃথকে পৃথকে স্মাৰকপত্র প্রদান কৰিছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে ২০১৭ চনতে প্রকাশ কৰা অনুসৰি প্রতিবন্ধীৰ বাবে বিভিন্ন বিভাগত ৪৪১৯ টা পদ খালি আছিল যদিও চৰকাৰৰ হেমাহী অথবা অমনযোগিতাৰ বাবে আজিকোপতি পদসমূহ পূৰণ নকৰিলে৷ ফলত আজিও এইসমূহ পদ খালি হৈ আছে৷ গতিকে নতুন নিযুক্তিৰ সমান্তৰালভাৱে পূর্বৰ বেকলগ পদসমূহ শীঘ্রে পূৰণ কৰাৰ বাবে মালাকাৰে দাবী জনায়৷ যদি চৰকাৰে সঁচাকৈ ১ লাখ পদত নিযুক্তি দিয়ে তেন্তে পুৰণি বেকলগ পদতো বাদেই নতুন নিযুক্তিত ৪ শতাংশ হাৰত ৪ হাজাৰ পদ চৰকাৰৰ সদিচ্ছা থাকিলে প্রতিবন্ধীয়ে লাভ কৰাটো নিশ্চিত৷

মালাকাৰে লগতে কয়, শিক্ষা বিভাগে ইতিমধ্যে আমাক ঠগি আহিছে৷ কিয়নো ২০১৮ চনলৈ বিভাগটোৱে দিয়া তথ্য অনুসৰি ৩৭৫২ টা কেৱল শিক্ষকৰ পদেই প্রতিবন্ধীৰ বাবে পাবলৈ বাকী থকাৰ লগতে ২১ খন জিলাত তৃতীয় আৰু চতুর্থ বর্গত ৫১৪ টা পদ পাবলৈ বাকী আছে৷ আজিৰ দিনটোত হয়তো আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ পৰিতাপৰ বিষয়, ২০১৯ চনতে বিভাগটোৰ সৈতে আলোচনা হৈছিল যদিও বিভাগে সন্মিলিতভাৱে লোৱা সিদ্ধান্তসমূহ আজিলৈ কার্যকৰী নকৰিলে৷ ফলত প্রাপ্যসমূহৰ পৰা প্রতিবন্ধীসকল আজিও বঞ্চিত হৈ থাকিল৷ গতিকে নতুনকৈ

শিক্ষামন্ত্রীৰ দায়িত্ব লোৱা ডাঃ ৰনোজ পেগুক বিষয়টো গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনাইছে৷ জনতাৰ মুখ্যমন্ত্রী হিচাপে খ্যতি অর্জা হিমন্ত বিশ্ব শর্মাই প্রতিবন্ধীৰ নিযুক্তিৰ বিষয়টো গুৰুত্ব সহকাৰে ল’লে বহুলোক উপকৃত হ’ব৷ আনহাতে সংগঠনটোৱে প্রতিবন্ধীৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰা, গুৱাহাটীত এটি জিৰণী গৃহ নির্মাণ কৰা, পেন্সনৰ ধন ১০০০ টকাৰ পৰিৱর্তে ৩০০০ টকালৈ বৃদ্ধি কৰাকে ধৰি পূর্বৰ ২১ দফীয়া দাবী পূৰণ কৰিবলৈ আহ্বান জনাইছে৷

You might also like