নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ “শিশু সেৱা আঁচনি”ৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ১০ জুনঃ  ক’ভিডত পিতৃ-মাতৃহাৰা হোৱা কিশোৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ কৰিছে অসম চৰকাৰে। আৱাসিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিব পিতৃ-মাতৃহাৰা হোৱা শিশু সকলে।

 আজি  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  ক’ভিড মহামাৰীত পিতৃ-মাতৃহাৰা হোৱা শিশুসকলক সুবিধা প্ৰদান কৰাৰ বাবে “শিশু সেৱা আঁচনি” নামৰ এক আঁচনি উদ্বোধন কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পিতৃ-মাতৃহাৰা শিশুসকলক চেক, এফডি, লেপটপ আৰু বিভিন্ন উপহাৰৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰে আৰু তেওঁলোকক আজীৱন সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
উল্লেখ্য যে অসম চৰকাৰে বঞ্চিত শিশুসকলক আৱাসিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।

হিতাধিকাৰী শিশুসকল হৈছে-
শ্ৰীমতী খুছী সোণোৱাল, ডিব্ৰুগড়,শ্ৰীমতী অংকিতা শইকীয়া, যোৰহাট,মাষ্টাৰ অৰ্পন শইকীয়া, যোৰহাট,শ্ৰীমতী মধুজামিনী চৌধুৰী, কামৰূপ (এম),মাষ্টাৰ চয়ন ধিমান চৌধুৰী, কামৰূপ (এম),মাষ্টাৰ ভৈৰৱ বসুমতাৰী, চিৰাংশ্ৰীমতী জেছমি নাৰ্জাৰী, কোকৰাঝাৰ মাষ্টাৰ ৱাকিল হুছেইন, ধুবুৰী।

You might also like