নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৰ তুলনাত ১০০ শতাংশ অধিক দৰত বিক্রী পাচলি

ফাইলতে লুকাই আছে মন্ত্রী অতুল বৰাৰ টাস্ক ফ’ৰ্চ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ ইন্ধনজাত সামগ্রীৰ পৰা শাক–পাচলিলৈকে বজাৰত হোৱা মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সর্বসাধাৰণ জনতাক৷ ক’ভিডজনিত পৰিস্থিতিৰ পাছত হোৱা মুদ্রাস্ফীতিয়ে বিপন্ন কৰি তুলিছে স্বাভাৱিক জীৱনযাত্রা৷ বিশেষকৈ অত্যাৱশ্যকীয় খাদ্য–সামগ্রী আৰু শাক–পাচলিৰ মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক সবাতোকৈ প্রভাৱান্বিত কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ বিপৰীতে সাধাৰণ ৰাইজক মূল্যবৃদ্ধিৰ পৰা সকাহ দিয়াত সম্পূর্ণৰূপে ব্যর্থ হৈছে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষ৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রী আৰু বজাৰ নিয়ন্ত্রণৰ বাবে ৰাজ্যত বিয়াগোম কেইবাটাও বিভাগ থকা সত্ত্বেও মূল্যবৃদ্ধিৰ পৰা ৰেহাই পোৱা নাই ৰাজ্যবাসীয়ে৷ যাৰ সুযোগ লৈ বৃদ্ধি পাইছে মধ্যভোগীৰ দপদপনি৷ পৰিণতিত প্রতিবিধ সামগ্রীৰ মূল্য অকল্পনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে ৰাজ্যৰ বজাৰত৷ বিশেষকৈ শাক–পাচলিৰ বজাৰত ইয়াৰ ব্যাপক প্রভাৱ পৰিলক্ষিত হৈছে৷ যোগান আৰু কৃষি বিভাগৰ ব্যর্থতা তথা সমন্বয়হীনতাৰ বাবে শাক–পাচলিৰ উৎস আৰু পাইকাৰী বজাৰৰ মাজত দামৰ ব্যাপক তাৰতম্য ঘটিছে৷

খাৰুপেটীয়া, বৰপেটা আদিৰ বজাৰৰ উৎসৰ তুলনাত গুৱাহাটীৰ বজাৰত ১০০ গুণ দৰত বিক্রী হৈছে শাক–পাচলি৷ খাৰুপেটীয়া, বৰপেটা আদি অঞ্চলসমূহৰ পাইকাৰী বজাৰত ১০–১২ টকাতে উপলব্ধ শাক–পাচলি গুৱাহাটী আৰু ৰাজ্যৰ অন্যান্য চহৰসমূহৰ বজাৰত গ্রাহকে ৬০ৰ পৰা ৮০ টকা দৰত ক্রয় কৰিবলৈ বাধ্য হৈছে৷ যাৰ বাবে প্রশ্ণৰ উত্থাপন হৈছে যে কি কাৰণত এই উৎস আৰু বজাৰৰ মাজত দামৰ বৃহৎ তাৰতম্য ঘটিছে৷ এইক্ষেত্রত ‘নিয়মীয়া বার্তা’ কাকতত যোৱা ২২ অক্টোবৰত এটা বাতৰি প্রকাশ পোৱাৰ পিছদিনাই অর্থাৎ ২৩ অক্টোবৰত ৰাজ্যৰ কৃষি বিভাগে শাক–পাচলিৰ পাইকাৰী আৰু খুচুৰা বজাৰ নিৰীক্ষণ তদাৰকীৰ বাবে একোটা টাস্ক ফ’চ গঠন কৰিবলৈ নির্দেশ দিছিল৷ কৃষি বিভাগৰ সচিব অনন্তলাল জ্ঞানীয়ে এ এছ এ এম বি/চি ই অ’/৮৮৯/পার্ট/২০০৯/৩৫ নম্বৰৰ পত্রখনৰ জৰিয়তে সকলো জিলাৰ উপায়ুক্তক এই টাস্ক ফ’চ গঠন কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু ফাইলতে সীমাবদ্ধ থাকিল এই টাস্ক ফ’চ৷ আজিপর্যন্ত বজাৰ নিৰীক্ষণৰ বাবে বিভাগটোৱে গঠন নকৰিলে কোনোধৰণৰ টাস্ক ফ’চ৷ জিলা পৰিষদৰ মুখ্য কার্যবাহী সদস্য, জিলা কৃষি বিষয়া, যোগান বিভাগৰ উপ–সঞ্চালক, বজাৰ নিয়ন্ত্রক সমিতিৰ সচিবক জড়িত কৰি এই টাস্ক ফ’চ গঠন কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ সমান্তৰালভাৱে কামৰূপ (মহানগৰ) জিলা প্রশাসনেও অত্যাৱশ্যকীয় খাদ্য–সামগ্রী আৰু শাক–পাচলিৰ বজাৰ নিৰীক্ষণৰ বাবে যোগানমন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ নির্দেশত গঠন কৰিছিল চাৰিটাকৈ টাস্ক ফ’ৰ্চ৷

মহানগৰীৰ বিভিন্ন বজাৰ অঞ্চলৰ ভিত্তিত এই টাস্ক ফ’চসমূহ গঠন কৰা হৈছিল৷ প্রতিটো টাস্ক ফ’ৰ্চ এজন এ চি এছ বিষয়াৰ নেতৃত্বত গঠন কৰা হৈছিল৷ যোৱা ১৮ নৱেম্বৰত দিয়া এক নির্দেশনা অনুসৰি মাছখোৱাৰ পাইকাৰী বজাৰ, ফাঁচীবজাৰৰ জি এম চি পাইকাৰী শাক–পাচলিৰ বজাৰ, ভঙাগড় বজাৰ, উলুবাৰী বজাৰ আৰু উজান বজাৰৰ শাক–পাচলিৰ বজাৰ নিৰীক্ষণৰ বাবে লক্ষ্যজিৎ দুৱৰাৰ নেতৃত্বত গঠন কৰা হৈছিল টাস্ক ফ’চ৷ সেইদৰে আন এজন এ চি এছ বিষয়া জিণ্টু বৰাৰ নেতৃত্বত গঠন কৰা টাস্ক ফ’চক ছয়মাইল, বেলতলা, ভেটাপাৰা, বশিষ্ঠ, দিছপুৰ ছুপাৰ মার্কেট, নাৰেংগী, পাঞ্জাবাৰী আৰু বৰবাৰী বজাৰৰ দায়িত্ব অর্পণ কৰা হৈছিল৷ ভাস্কৰজ্যোতি কলিতাৰ নেতৃত্বত গঠন কৰা টাস্ক ফ’র্চে নিৰীক্ষণ কৰিছে গোশালা বজাৰ, পাণ্ডু বড় বজাৰ, ৰে’লৱে বজাৰ, জালুকবাৰী, ভি আই পি বজাৰ, আজাৰা আৰু ফটাশিল বজাৰ৷ একেদৰে ব্রহ্মপুত্র পাইকাৰী শাক–পাচলি বজাৰ, বেহাৰবাৰী বজাৰ, পামহী পাইকাৰী শাক–পাচলিৰ বজাৰ, কালাপাহাৰ, লালগণেশ আৰু চানমাৰি বজাৰ নিৰীক্ষণ কৰিবলৈ দায়িত্ব অর্পণ কৰা হৈছে কামৰূপ (মহানগৰ) জিলাৰ কার্যবাহী দণ্ডাধীশ চিন্ময় নেওগৰ নেতৃত্বত গঠন কৰা টাস্ক ফ’চক৷ এই টাস্ক ফ’চসমূহত যোগান বিভাগৰ পৰিদর্শক, উপ–পৰিদর্শক, জোখ–মাপ বিভাগৰ পৰিদর্শক, বিপণন পৰিদর্শক, অসম আৰক্ষীৰ উপ–পৰিদর্শক পর্যায়ৰ বিষয়া, এজন কনিষ্টবল আৰু জি এম চিৰ একোজনকৈ ক্ষেত্র বিষয়াক অন্তর্ভুক্ত কৰা হৈছে৷ এই টাস্ক ফ’ৰ্চসমূহ ঠিকেই গঠন কৰা হ’ল যদিও ইয়াৰ পৰাও উপশম নাপালে মহানগৰবাসীয়ে৷

এতিয়াও মহানগৰীৰ বজাৰভেদে বৃহৎ পার্থক্য পৰিলক্ষিত হৈছে শাক–পাচলি তথা অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ দামত৷ উদাহৰণস্বৰূপে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ে মুকলি কৰা তথ্য অনুসৰি আজিৰ দিনটোত পিঁয়াজৰ মূল্য সর্বাধিক ৪২ টকা পর্যন্তহে গ্রহণ কৰিব পাৰে খুচুৰা ব্যৱসায়ীয়ে৷ কিন্তু এতিয়াও বজাৰত ৰঙা পিঁয়াজৰ মূল্য ৬০ টকা পর্যন্ত আদায় কৰি আছে খুচুৰা ব্যৱসায়ীয়ে৷ অর্থাৎ টাস্ক ফ’ৰ্চ নামতহে গঠন হ’ল৷ ইয়াৰ পৰা কোনো সকাহ মহানগৰবাসীয়ে লাভ নকৰিলে৷ ইতিমধ্যে টাস্ক ফ’ৰ্চৰ সৈতে জড়িত বিষয়াসকলৰ সৈতে যোগাযোগ কৰিবৰ বাবে ফোন নম্বৰ দিয়া হৈছে যদিও বহু সময়ত গ্রাহকে যোগাযোগ কৰিও এই ফোন নম্বৰসমূহত কোনো সঁহাৰি লাভ নকৰাৰো অভিযোগ উত্থাপন হৈছে৷ অর্থাৎ যোগান বিভাগ আৰু কৃষি বিভাগৰ এই ব্যর্থতাৰ বাবে বজাৰত পকেট গৰম হৈছে মধ্যভোগীৰ৷ ইয়াৰ বিপৰীতে উচিত দাম পোৱাত ব্যর্থ হৈছে কৃষক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আজিৰ দিনটোত খাৰুপেটীয়াৰ ঘনশিমলুস্থিত পাচলিৰ পাইকাৰী বজাৰত প্রতিকিলোগ্রাম ফুলকবি ১২ৰ পৰা ১৫ টকা, বন্ধাকবি ১০ৰ পৰা ১৫ টকা, জলকীয়া ৫০ৰ পৰা ৬০ টকা, জাতিলাউ ১৫ৰ পৰা ১৬ টকা, বিন ২০ৰ পৰা ৪৫ টকা, বেঙেনা ১৫ৰ পৰা ২৫ টকা, গাজৰ ৫০ৰ পৰা ৬০ টকা, তিযঁহ ১৫ৰ পৰা ২০ টকা, লেছেৰা ২৫ৰ পৰা ৩০ টকাত উপলব্ধ৷

একেদৰে বৰপেটাৰ খুচুৰা বজাৰত প্রতিকিলোগ্রাম বন্ধাকবি ১৬ৰ পৰা ১৭ টকা, ফুলকবি ১৮ৰ পৰা ২০ টকা, তিযঁহ ১৪ৰ পৰা ১৬ টকা, বিলাহী ৬০ৰ পৰা ৬৫ টকা, বেঙেনা ১০ৰ পৰা ২০ টকা, পটল ১৪ৰ পৰা ১৫ টকা, ৰঙালাউ ১২ৰ পৰা ১৫ টকা, লেছেৰা ২৫ টকা, জিকা ১৫ টকা আৰু তিতাকেৰেলা ১৬ৰ পৰা ১৭ টকাকৈ বিক্রী হৈ আছে৷ ইয়াৰ বিপৰীতে মহানগৰীৰ বজাৰত আজিৰ দিনটোত ফুলকবিৰ দাম হৈছে প্রতিকিলোগ্রামত ৪০ৰ পৰা ৫০ টকা৷ তদুপৰি বন্ধাকবি ৪০ৰ পৰা ৫০ টকা, তিযঁহ ৪০ টকা, গাজৰ ৮০ টকা, বিলাহী ৮০ৰ পৰা ৯০ টকা, মূলা ৩০ টকা, বিন ৮০ৰ পৰা ৯০ টকা, স্কোৱাছ ৪০ টকা, ওলকবি ৪০ টকা, বেঙেনা ৪০ টকা আৰু লেছেৰা ৬০ টকাকৈ প্রতিকিলোগ্রাম বিক্রী হৈ আছে৷ মহানগৰীৰ বিভিন্ন বজাৰভেদে এই সামগ্রীসমূহৰ মূল্য কিছু তাৰতম্য ঘটিব পাৰে৷ তৎসত্ত্বেও উৎসৰ বজাৰৰ তুলনাত ১০০ শতাংশতকৈও অধিক দৰত বিক্রী হৈ আছে শাক–পাচলি৷ অৱশ্যে ফাইলতে লুকাই থকা অতুল বৰাৰ টাস্ক ফ’চ কেতিয়া গঠন হ’ব আৰু বজাৰ নিয়ন্ত্রণৰ বাবে পদক্ষেপ ল’ব, সেয়া লক্ষণীয় হ’ব৷ সমান্তৰালভাৱে বিয়াগোম যোগান বিভাগে সাধাৰণ ৰাইজক সকাহ দিবলৈ কিমান সক্রিয় হ’ব, সেয়াও এই মুহূর্তত এটা ডাঙৰ প্রশ্ণ৷

You might also like