নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুচুৰা ব্যৱসায়ীয়ে সর্বাধিক লাভ ল’ব পাৰিব ৫ টকা

আৰু এটা ফর্মূলা যোগানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিত ত্রাহিসূদন সোঁৱৰা ৰাজ্যবাসীক সকাহ দিব নোৱাৰা যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ মুখত এইবাৰ শুনা গ’ল নতুন ফর্মূলা৷ সময়োচিতভাৱে কার্যব্যৱস্থা গ্রহণত কার্যতঃ ব্যর্থতা প্রদর্শন কৰা মন্ত্রী দাসে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ গঠন কৰিব বিশেষ টাস্ক ফ’চ৷ খুচুৰা ব্যৱসায়ীসকলে সামগ্রীৰ ওপৰত সর্বাধিক ৫ টকাহে লাভ ল’ব পাৰিব৷ ইয়াতকৈ অধিক মূল্য ল’লেই সংশ্লিষ্ট খুচুৰা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব বিশেষ টাস্ক ফ’র্চে৷ আজি বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈ এই ঘোষণা কৰে মন্ত্রী দাসে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে গঠন হ’বলগীয়া বিশেষ টাস্ক ফ’চত এজন দণ্ডাধীশৰ লগতে যোগান বিভাগৰ বিষয়াও থাকিব৷ মুছলপুৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাতো মন্ত্রী দাসে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হৈ বিভাগসমূহৰ খতিয়ান লয়৷ ইয়াৰ পূর্বে মন্ত্রীগৰাকীয়ে বাক্সা জিলাৰ বৰমাত ছাডেন ভিজিট দিয়ে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ অনুসৰি পুৱা মন্ত্রী দাসে পোনে পোনে আহি প্রৱেশ কৰে বৰমা প্রাথমিক চিকিৎসালয়ত৷ চিকিৎসালয়খনৰ আন্তঃগাঁথনি, চিকিৎসক, নার্ছৰ অভাৱ–ভিযোগৰ বিষয়ে তেওঁ বুজ লোৱাৰ লগতে বৰমা উত্তৰ বজাৰ প্রাথমিক বিদ্যালয়খনো পৰিদর্শন কৰে৷ শ্রেণীকোঠাত প্রৱেশ কৰিয়েই ছাত্র–ছাত্রীৰ সৈতে মত বিনিময় কৰে মন্ত্রী দাসে৷ ইয়াৰ পিছতে টিহু–বৰমা খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ত উপস্থিত হৈ বিভিন্ন দিশ সম্পর্কে খণ্ড উন্নয়ন বিষয়াৰ পৰা বুজ লয় পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্রীজনে৷ দুগৰাকী দৰিদ্র মহিলাক ই–ৰিক্সা প্রদান কার্যসূচীতো অংশগ্রহণ কৰে বিভাগীয় মন্ত্রীগৰাকীয়ে৷ আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰো দায়িত্বত থকা মন্ত্রী দাসে নিজৰ বিভাগটোৰ কেইবাটাও জল জীৱন আঁচনি প্রত্যক্ষ কৰে৷ তেওঁ বিদ্যালয়সমূহত চৰকাৰে যোগান ধৰা পানী উত্তোলনত ব্যৱহূত মটৰসমূহ চুৰি হোৱা কার্যক দুর্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এই যন্ত্রসমূহ সযতনে ৰাখিবলৈও বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷ ইফালে, জল জীৱন আঁচনি ৰূপায়ণৰ ক্ষেত্রত দুর্নীতি সংঘটিত কৰা প্রতিজন লোকে জে’লৰ ভাত খাব লাগিব বুলি কঠোৰ সকীয়নি দিয়ে মন্ত্রী দাসে৷ সমান্তৰালভাৱে খণ্ড উন্নয়ন বিষয়া কার্যালয়ৰ অধীনত চলি থকা এমজি এনৰেগাৰ কামসমূহতো যদি দুর্নীতি হয় তেতিয়া বিডি’–ভিযন্তাসকলক ৰেহাই দিয়া নহ’ব বুলি তেওঁ মন্তব্য কৰে৷

You might also like