নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীত ১০ মে’ৰ ভিতৰত ১৩ হাজাৰক নিযুক্তি

অসম আৰক্ষীৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্রীৰ দিনজোৰা পর্যালোচনা

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকললৈ সুখবৰ কঢ়িয়াই অচিৰেই অসম আৰক্ষীত ১৩ হাজাৰ পদ পূৰণ কৰা হ’ব৷ মঙলবাৰে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম আৰক্ষীৰ বিভিন্ন দিশ পর্যালোচনাৰ অন্তত  মুখ্যমন্ত্রীগৰাকীয়ে কয়– অহা ৭ দিনৰ ভিতৰত ৬ হাজাৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হ’ব৷ ৰাজ্য চৰকাৰে এক লাখ চাকৰিৰ নিযুক্তি প্রক্রিয়াৰ অংশ হিচাপে অসম আৰক্ষীক খালী হৈ থকা ১৬ হাজাৰ পদ পূৰণৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছিল৷ কিন্তু তেওঁলোকে এবছৰৰ ভিতৰত ১৩ হাজাৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিব পাৰিব বুলিহে জানিবলৈ দিয়ে৷ সেই অনুসৰি অহা ১০ মে’ৰ ভিতৰত এই ১২ হাজাৰৰ পৰা ১৩ হাজাৰ পদ পূৰণৰ বাবে আজিৰ পর্যালোচনা বৈঠকত নির্দেশ দিয়া হৈছে৷ এই নিযুক্তি প্রক্রিয়াত ৫টা কমাণ্ডো বেটেলিয়নকে ধৰি ৬ হাজাৰ পদৰ বাবে অহা ৭ দিনৰ ভিতৰত বিজ্ঞাপন প্রকাশ কৰা হ’ব৷ একেদৰে উপ–পৰিদর্শক পর্যায়ত থকা খালী পদসমূহ পূৰণৰ বাবে আৰক্ষী বিভাগৰ পৰা অসম আৰক্ষীয়ে বিজ্ঞাপন প্রকাশ কৰিব৷

উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ লগতে প্রতিজন শীর্ষ বিষয়াৰ উপস্থিতিত মঙলবাৰে মুখ্যমন্ত্রী ড০ শর্মাই মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত সমগ্র দিন ধৰি মিলিত হয় এক পর্যালোচনা বৈঠকত৷ এই বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই কয়– মহানগৰীৰ বিভিন্ন থানাত ১৯৯২ চনতে ৰুজু হোৱা নিষ্পত্তিহীন গোচৰ পৰি ৰৈছে৷ মহানগৰীত ১৯৯২ চনৰ পৰা নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা প্রায় ৪০ হাজাৰ৷ ইয়াৰে ১৬ হাজাৰ গোচৰৰ কেছ ডায়েৰীকে ধৰি আন নথিপত্রৰ উৎস বিচাৰ কৰিব পৰা–নোৱাৰা অৱস্থাত আছে৷ আজিৰ বৈঠকত সেয়েহে মুখ্যতঃ নিষ্পত্তি নোহোৱা গোচৰ আৰু থানাত পঞ্জীয়ন হোৱা গোচৰসমূহৰ সন্দর্ভত বিস্তৃত আলোচনা কৰা হয়৷ কি কাৰণে অথবা কি কাৰিকৰী অসুবিধাত পঞ্জীয়ন হোৱা গোচৰৰ অভিযোগনামা দাখিল কৰা নহয়, গোচৰ নিষ্পত্তি নোহোৱাকৈ কিয় পৰি ৰৈছে, সেই সন্দর্ভতো শীর্ষ আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই সন্দর্ভত সাংবাদিকৰ আগত তেওঁ কয়– মহানগৰ আৰক্ষীৰ অন্তর্গত প্রতিখন থানাত প্রতিমাহত যিমান গোচৰ ৰুজু হয়, তাতকৈ অধিক গোচৰৰ অভিযোগনামা যাতে দাখিল হয় অথবা অধিক গোচৰ যাতে নিষ্পত্তি হয়, তাৰ বাবে নির্দেশ দিয়া হৈছে৷

আনহাতে মহানগৰ আৰক্ষীক গোচৰ নিষ্পত্তিৰ নির্দেশ দিয়াৰ সমান্তৰালকৈ আজি ৰেঞ্জ ডিআইজিসকলৰ সৈতেও মুখ্যমন্ত্রী ড০ শর্মাই বিস্তৃত আলোচনা কৰে৷ এই বৈঠকত ভার্চুৱেলী উপস্থিত থাকে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকসকল৷ বৈঠকত প্রতিজন ডিআইজি আৰু আৰক্ষী অধীক্ষকক মুখ্যমন্ত্রী ড০ শর্মাই সংশ্লিষ্ট জিলাত পঞ্জীয়ন হৈ থকা অথবা নিষ্পত্তি নোহোৱাকৈ থকা প্রতিটো গোচৰ অহা ৩১ মার্চৰ ভিতৰত নিষ্পত্তি কৰাৰ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে অসম আৰক্ষীক মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন, পাছপ’ট ভেৰিফিকেচনৰ ৰিপ’ট আদি ঘৰতে দি অহাৰ বাবে পূর্বে নির্দেশ দিয়া হৈছিল৷ সেই অনুসৰি যোৱা এমাহত ৰাজ্যৰ বিভিন্ন থানাই ৫,৫১৭টা ৰিপ’ট ঘৰতে দি আহিছে৷ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা দুর্ঘটনাৰ ৰিপ’ট, মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ট আদি কিমান দিনৰ ভিতৰত ঘৰতে দি আহিব লাগিব, সেই সন্দর্ভত আৰক্ষীৰ বাবে নতুন এছ’পি প্রস্তুত কৰা হ’ব৷ অৱশ্যে পাছপ’ৰ্ট ভেৰিফিকেচন ৩০ দিনৰ ভিতৰতে আবেদনকাৰীক ঘৰত দি আহিব লাগিব৷

বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ৰ প্রসংগ উত্থাপন কৰি  সংবাদ মাধ্যমৰ আগত তেওঁ কয়– এছডিজিৰ প্রতিবেদনত অসমত অপৰাধজনিত ঘটনা বৃদ্ধি হোৱা বুলি উল্লেখ কৰিছে৷ দৰাচলতে আৰক্ষীত দাখিল হোৱা এজাহাৰৰ ভিত্তিত এই প্রতিবেদন প্রস্তুত কৰা হয়৷ আৰক্ষী থানাসমূহত দুজন প্রাপ্তবয়স্ক যুৱক–যুৱতী পলাই যোৱা ঘটনাও অপহৰণৰ ঘটনা বুলি গোচৰ ৰুজু কৰা হয়৷ এনে বিষয়বোৰ পর্যালোচনা কৰি এতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ে ললিতা কুমাৰী গোচৰ সন্দর্ভত দিয়া নির্দেশ অনুযায়ী এজাহাৰ গ্রহণ কৰাৰ বাবে আৰক্ষীক নির্দেশ দিয়া হৈছে৷ সেই অনুসৰি যিকোনো এখন এজাহাৰ আৰক্ষীয়ে গ্রহণ কৰাৰ পূর্বে ঘটনাৰ প্রাথমিক অনুসন্ধান কৰিব লাগিব৷ এই সন্দর্ভত অচিৰেই চৰকাৰে জাননী জাৰি কৰিব৷ দৰাচলতে ভাৰতীয় দণ্ডবিধিখনক উলংঘা কৰি একাংশ থানাত এটা অৰাজক পৰিৱেশ সৃষ্টি হৈ আছিল৷ একাংশ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিবলৈ যাতে অধিক সময় পায়, তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্রহণৰো অভিযোগ উঠি আছিল৷ সেয়েহে এতিয়াৰ পৰা এফআইআৰ লোৱাৰ পূর্বে প্রাথমিক তদন্ত জৰুৰী হ’ব৷

ইফালে, এই বৈঠকত ৰাজ্যৰ আইন–শৃংখলাজনিত পৰিৱেশ, সীমান্তৰ অপৰাধ, ড্রাগ্ছ, গৰুৰ চোৰাং বেহা, ছিণ্ডিকেট চক্র আদি সন্দর্ভতো বিস্তৃত আলোচনা কৰা হয়৷ আনহাতে অহা ৮ আৰু ৯ ডিচেম্বৰত দুলীয়াজানত দ্বিতীয়খন আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব বুলি আজি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ এই সন্মিলনত ইতিমধ্যে কাজিৰঙাত অনুষ্ঠিত হৈ যোৱা প্রথমখন আৰক্ষী অধীক্ষক সন্মিলনত লোৱা সিদ্ধান্তসমূহ পুনৰ পর্যালোচনা কৰা হ’ব৷ বৈঠকত পুলিচ একাউণ্টিবিলিটী কমিছনৰো পর্যালোচনা কৰা হয়৷ আজিৰ পর্যালোচনা বৈঠকত আৰক্ষীৰ আন্তঃগাঁথনি আৰু কর্মদক্ষতাৰ ওপৰত বিভিন্ন দিশ আলোচনা কৰা হয় বুলিও মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দি কয় যে আৰক্ষীৰ বাবে অচিৰেই এহেজাৰ আৱাস নির্মাণৰ লগতে সমন্বিত মুখ্য কার্যালয়, সঞ্চালকপ্রধানৰ মুখ্য কার্যালয় আৰু আৰক্ষী অধীক্ষকৰ কার্যালয়কে ধৰি অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত গ্রহণ কৰা হয় বৈঠকত৷ ইফালে, ৰাজ্যত অপৰাধজনিত ঘটনা বৃদ্ধি হোৱা বুলি শেহতীয়াকৈ উত্থাপিত অভিযোগ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয়– যোৱা ১০ বছৰৰ তুলনাত আটাইতকৈ কম অপৰাধজনিত ঘটনা ঘটিছে এই চৰকাৰৰ কার্যকালত৷ যোৱা ৬ মাহতটো আটাইতকৈ কম অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ বর্তমান অসম সকলো দিশতে আগবাঢ়িছে৷ মুখ্যমন্ত্রীগৰাকীয়ে আজি ইয়াকো ঘোষণা কৰে যে উগ্রপন্থী আৰু দুর্বৃত্তৰ গুলীত নিহত হোৱা অসম আৰক্ষীৰ ৭০টা পৰিয়ালৰ সদস্যক অচিৰেই চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব৷ আজিৰ পর্যালোচনা বৈঠকতে মুখ্যমন্ত্রীয়ে চাইবাৰ সুৰক্ষা বিষয়ক এখন হাতপুথি উন্মোচন কৰে৷ ‘চাইবাৰ ছিকিউৰ’ শীর্ষক এই গ্রন্থখন এডিজিপি হীৰেন নাথৰ নেতৃত্বত লিখি উলিওৱা হৈছে৷

You might also like