১০০% পাঠ্যক্রমেৰে হ’ব উঃ মাঃ চূড়ান্ত পৰীক্ষা
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা বিভীষিকাৰ পৰিপ্রেক্ষিতত বিগত বর্ষত ব্যাপক প্রভাৱ পৰা মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রস্তুতি সন্দর্ভত বুজ ল’বলৈ বৃহস্পতিবাৰে সদৌ অসম ছাত্র সন্থা (আছু)ই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কর্তৃপক্ষক সাক্ষাৎ কৰে৷ সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্রকাশ চন্দ্র দাসৰ নেতৃত্বত যোৱা আছুৰ দলটোৱে কাউন্সিলৰ অধ্যক্ষ, সচিব আৰু পৰীক্ষা নিয়ন্ত্রকৰ সৈতে আলোচনাত মিলিত হৈ পৰীক্ষাৰ অগ্রগতিৰ খবৰ লোৱাৰ লগতে সুচাৰুৰূপে প্রক্রিয়াটো সম্পন্ন কৰিবলৈ আহ্বান জনায়৷ ক’ভিডৰ প্রকোপ বৃদ্ধি পালেও ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱনত প্রভাৱ নপৰাকৈ পানী নসৰকা ব্যৱস্থা গ্রহণ কৰিবলৈও কাউন্সিল কর্তৃপক্ষক আহ্বান জনায় ছাত্র সন্থাৰ দলটোৱে৷
আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিযোগে এই সন্দর্ভত কয় যে ছাত্র সন্থাই ছাত্র–ছাত্রীৰ স্বাস্থ্যৰ প্রতি ভাবুকি নহাকৈ সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰে৷ ইতিমধ্যে ১০০ শতাংশ পাঠ্যক্রমেৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কাউন্সিল কর্তৃপক্ষ সাজু হৈছে৷ ছাত্র–ছাত্রীৰ মাজত এই বিষয়ত দ্বিধাবোধ দেখা দিয়াত বিষয়টো ছাত্র সন্থাই যুক্তি সহকাৰে উত্থাপন কৰে৷ কাউন্সিল কর্তৃপক্ষই ১০০ শতাংশ পাঠ্যক্রমেৰে পৰীক্ষা পাতিলেও ছাত্র–ছাত্রীয়ে পর্যাপ্তসংখ্যক বিকল্প প্রশ্ণ লাভ কৰিব বুলি উল্লেখ কৰিছে৷ লগতে সকলো শিক্ষানুষ্ঠানৰে প্রাক–চূড়ান্ত পৰীক্ষাৰ ফলাফল কাউন্সিলে মজুত ৰাখিছে৷ ক’ভিডকালীন পৰিৱেশত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহ’লে ফলাফল ঘোষণাৰ বাবে সেই নম্বৰকে ভিত্তি হিচাপে গণ্য কৰিব৷
মুঠ ২,১৫,০২২জন শিক্ষার্থীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বহিবলৈ আবেদন কৰিছে৷ ছাত্র সন্থাই সামাজিক দূৰত্ব বর্তাই ৰাখি স্বাস্থ্যসন্মতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বার্থত পৰীক্ষা কেন্দ্রৰ সংখ্যা প্রয়োজন হ’লে বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷ লগতে কোনো পৰীক্ষার্থীৰ শৰীৰত ক’ভিড ধৰা পৰিলে তেনে শিক্ষার্থীয়ে পৰীক্ষাত বহিব পৰাকৈ সুকীয়া পৰীক্ষাগৃহৰ ব্যৱস্থা কৰিবলৈও আছুৱে দাবী জনায়৷ ছাত্র সন্থাই স্পষ্টভাৱে কয় যে ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱন বাধাহীনভাৱে আগবাঢ়িবই লাগিব৷ ক’ভিডৰ প্রকোপ কম–বেছি হ’লেও ছাত্র–ছাত্রীক ন্যায় প্রদান কৰিব পৰাকৈ শিক্ষা সংসদ সাজু থাকিবই লাগিব৷ সাক্ষাৎকালত আছুৰ উপ–সভাপতি উৎপল শর্মা, সহকাৰী সাধাৰণ সম্পাদক ধর্মেশ্বৰ দাস, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ আৰু দিব্যজ্যোতি মেধিও উপস্থিত থাকে৷