নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুসৰ অধীনত উত্তৰ–পূবত ১,০০০টা স্বাস্থ্য সুস্থতা কেন্দ্র স্থাপন হ’বঃ সোণোৱাল

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ আয়ুস চিকিৎসা প্রণালীৰ প্রচাৰৰ বাবে শনিবাৰে গুৱাহাটীত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্রীসকলৰ উপস্থিতিত ‘আয়ুস আপোনাৰ সেৱাত’ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হয়৷

আয়ুস, বন্দৰ, জাহাজ আৰু জলমার্গ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু আয়ুস, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ডাঃ মঞ্জুপাৰা মহেন্দ্রভাই কালুভাইৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনখনত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিনিধিসকলক সম্বোধন কৰি কয় যে আয়ুস আমাৰ ঐতিহ্য আৰু আমাৰ সভ্যতাৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ আছে৷ আয়ুস ব্যৱস্থাটোত আমি অৰিহণা যোগাব পাৰিলে আমাৰ সভ্যতাক আৰু অধিক সমৃদ্ধ কৰি তুলিব৷ উত্তৰ–পূর্বাঞ্চলত থকা সমৃদ্ধ জৈৱ–বৈচিত্র্যৰ বাবে এই অঞ্চলটোত আয়ুস খণ্ডক বিকশাই তোলাৰ বাবে যথেষ্ট সম্ভাৱনা আছে৷ এই সম্ভাৱনা এক প্রণালীবদ্ধভাৱে বিকশাই তুলিব পাৰিলে উত্তৰ–পূর্বাঞ্চল ভৱিষ্যতে আয়ুস হাব হিচাপে পৰিগণিত হ’ব৷

ক’ভিডকালত ৰোগ প্রতিৰোধ আৰু ক্লিনিকেল ব্যৱস্থাপনাত আয়ুর্বেদিক ঔষধে লোৱা ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আয়ুস পদ্ধতিটোক অধিক বিকশাই তোলাৰ বাবে দুধনৈ আৰু মাজুলীত আয়ুস চিকিৎসালয় নির্মাণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ দুধনৈ আয়ুস চিকিৎসালয়খনৰ নির্মাণকার্য ইতিমধ্যে সম্পূর্ণ হৈছে আৰু মাজুলী চিকিৎসালয়খনৰ নির্মাণকার্য শীঘ্রে সম্পূর্ণ হৈ উঠিব৷

ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসমত এখন চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় আছে৷ এই খণ্ডৰ সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি তেওঁ অসমত আন এখন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় নির্মাণৰ বাবে অনুমোদন জনাবলৈ কেন্দ্রীয় আয়ুসমন্ত্রীগৰাকীক আহ্বান জনায়৷ ড০ শর্মাই আৰু কয় যে দুধনৈত ইতিমধ্যে এখন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় নির্মাণৰ বাবে ভূমি চিনাক্ত কৰা হৈছে৷ প্রয়োজনীয় কর্মচাৰী নিয়োগৰ লগতে অভিলেখ সময়ৰ ভিতৰত ইয়াৰ নির্মাণকার্য সম্পূর্ণ কৰি তোলা হ’ব৷ সন্মিলনখনত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে উত্তৰ–পূর্বাঞ্চলত ঔষধি উদ্ভিদৰ প্রাচুর্যতাৰ লগতে অঞ্চলটোত পৰম্পৰাগত ঔষধি প্রণালীৰ জনপ্রিয়তাকে ধৰি প্রাকৃতিক সম্পদৰ উপলব্ধতাৰ কথা বিবেচনা কৰি তেওঁৰ মন্ত্রালয়ে আয়ুস খণ্ডত উত্তৰ–পূর্বাঞ্চলত থকা সম্ভাৱনা ব্যৱহাৰ কৰাৰ বাবে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ ৰাষ্ট্রীয় আয়ুস অভিযানৰ অধীনত অসমৰ গোৱালপাৰাৰ দুধনৈত ৭০ কোটি টকা ব্যয় সাপেক্ষে এখন আয়ুর্বেদিক মহাবিদ্যালয়ৰ লগতে উত্তৰ–পূর্বাঞ্চলত ১০০খন আয়ুস ডিছপেনচাৰী, এহাজাৰটা স্বাস্থ্য আৰু সুস্থতা কেন্দ্র স্থাপন কৰিব৷ গুৱাহাটীৰ চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়খনক এখন উৎকর্ষতাৰ কেন্দ্র হিচাপে গঢ়াৰ বাবে ১০ কোটি টকাৰ আর্থিক অনুদান আগবঢ়াব বুলিও প্রকাশ কৰে৷

কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে ৰাষ্ট্রীয় ঔষধ উদ্ভিদ পৰিষদে অঞ্চলটোত কেঁচা সামগ্রী সংসাধনৰ বাবে এটা সুবিধা কেন্দ্র স্থাপন কৰিব৷ ইয়াৰ উপৰি আয়ুস স্বাস্থ্য ব্যৱস্থা প্রণালী ৰূপায়ণৰ লগতে উত্তৰ–পূর্বাঞ্চলত ‘ইনভেষ্ট ইণ্ডিয়া ষ্টেটেজিক চেণ্টাৰ এণ্ড ফেচিলেচন ব্যুৰ’’ স্থাপনৰ বাবেও পদক্ষেপ ল’ব৷  এই সন্মিলনে উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ প্রতিনিধিসকলে আয়ুস মন্ত্রালয়ক প্রতিখন ৰাজ্যতে একোখনকৈ নতুন আয়ুস শিক্ষা প্রতিষ্ঠান মুকলি কৰিবলৈ অনুৰোধ জনায়৷ সন্মিলনখনত আয়ুস দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ডাঃ মঞ্জুপাৰা মহেন্দ্রভাই কালুভাই, অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, ছিকিমৰ স্বাস্থ্যমন্ত্রী ড০ মণিকুমাৰ শর্মা আৰু নাগালেণ্ডৰ স্বাস্থ্যমন্ত্রী এছ পাংনিউ ফমেও ভাষণ দিয়ে৷ ইয়াৰ পূর্বে কেন্দ্রীয় আয়ুর্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ সঞ্চালকপ্রধান ড০ এন শ্রীকান্ত, ৰাষ্ট্রীয় ঔষধ উদ্ভিদ পৰিষদৰ উপ–মুখ্য কার্যবাহী বিষয়া শেখৰ চানৱাল, ইনভেষ্ট ইণ্ডিয়াৰ সহকাৰী উপ–সভাপতি আস্থা ত্যাগী, ডাৱৰ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰৰ ড০ গুডউইন নিউটন আৰু আয়ুসৰ যুটীয়া উপদেষ্টা ড০ এ ৰঘুৱে উত্তৰ–পূর্বাঞ্চলৰ আয়ুস খণ্ডৰ সম্ভাৱনা আৰু অঞ্চলটোত মন্ত্রালয়ৰ দ্বাৰা লোৱা পদক্ষেপসমূহৰ ওপৰত বিতংভাৱে আলোকপাত কৰি প্রেজেণ্টেচন আগবঢ়ায়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি কেন্দ্রীয় আয়ুর্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ দ্বাৰা প্রকাশিত কেইবাখনো গ্রন্থ মুকলি কৰা হয়৷ ভাৰত চৰকাৰৰ আয়ুস মন্ত্রালয়ৰ সচিব বৈদ্যৰাজ ৰাজেশ কটেছাই আদৰণী ভাষণ প্রদান কৰা সন্মিলনত শলাগৰ শৰাই আগবঢ়ায় আয়ুস মন্ত্রালয়ৰ বিশেষ সচিব প্রমোদ কুমাৰ পাঠকে৷

You might also like