নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত বোকাখাতত এক লাখ বন্তি প্ৰজ্বলন

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ : ‘‘বিৰোধী ঐক্যমঞ্চ ইতিমধ্যে ভাগি থানবান হৈছে৷ কংগ্ৰেছৰ লগতে বিৰোধী ঐক্যমঞ্চ, এতিয়া চাহ-ভাত আৰু পিকনিক খোৱা দলহে৷ ঐক্য মঞ্চৰ পৰা এটা এটাকৈ দল ওলাই গৈছে৷’’ আজি প্ৰধানমন্ত্ৰীৰ আগমনৰ দিশসমূহ পোনপটীয়াকৈ চোৱাচিতা কৰাৰ উদ্দেশ্যে বোকাখাতত উপস্থিত হোৱা মন্ত্ৰী পীয়ূষ হাজৰিকাই এইদৰে মন্তব্য কৰে৷ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ বৃদ্ধি পাইছে৷ বিভিন্ন নিৰ্বাচনী মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ আজি প্ৰধানমন্ত্ৰীৰ আগমনৰ ব্যস্ততাৰ মাজতো মন্ত্ৰীজনে এনে এক নিৰ্বাচনী মন্তব্যৰে বিৰোধী শিৱিৰক আক্ৰমণ কৰা দেখা গ’ল৷ ইফালে, বোকাখাতত উপস্থিত থকা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰধামন্ত্ৰীৰ কাজিৰঙা আগমন সন্দৰ্ভত মন্তব্য প্ৰসংগত মন্ত্ৰীজনে কয় যে, প্ৰধামন্ত্ৰীজন কাজিৰঙালৈ অহা মানে কাজিৰঙাৰ গৰিমা পূৰ্বতকৈও দুগুণে বৃদ্ধি হোৱা৷ কাজিৰঙা ভ্ৰমণৰ বাবে মন্ত্ৰীজনে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধামন্ত্ৰীৰ ভ্ৰমণে কাজিৰঙালৈ অধিক পৰ্যটকক আকৰ্ষণ কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, ৰাইজে নৰেন্দ্ৰ মোডীক পুনৰ ভাৰতৰ প্ৰধামন্ত্ৰী হিচাপে চাব বিচাৰে৷ গতিকে নিৰ্বাচনত ৰাইজে নিশ্চিতভাৱেই বিজেপি দলক পুনৰ শাসনভাৰ তুলি দিব৷ ইফালে, মন্ত্ৰী পীয়ূষ হাজৰীকাই মন্তব্য প্ৰসংগত কয় যে, কাজিৰঙা ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰীজন যোৰহাটৰ হোলোঙা পথাৰত নতুনকৈ সাজি উলিওৱা বীৰ লাচিত বৰফুকনৰ বৃহদকায় প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰিব আৰু এখন বৃহৎ জনসভাত অংশগ্ৰহণ কৰিব বুলিও তেওঁ সদৰী কৰে৷ ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাজিৰঙালৈ আদৰণি জনোৱাৰ উদ্দেশ্যে আজি বোকাখাত ৰাজহুৱা খেলপথাত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ১ লাখ বন্তি প্ৰজ্বলন কৰা হয়৷ বোকাখাত নগৰৰ দহটা ৱাৰ্ডৰ মহিলাসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ সহস্ৰাধিক পুৰুষ-মহিলাই এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷
প্ৰেৰক সুদীপ্ত তামুলী
You might also like