নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ১০৫ গৰাকী কোভিড-১৯ ৰোগীক আজি চিকিৎসালয়ৰ পৰা ৰিলিজ

নিয়মীয়া বাৰ্তা, ১২ জুনঃ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১০৫ গৰাকী কোভিড-১৯ ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ আজি চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ আটাইকেইগৰাকীৰে কোভিড-১৯ সম্বন্ধীয় স্বাস্থ্য পৰীক্ষাত ফলাফল ঋণাত্মক পোৱা গৈছে ৷

যাৰ পাছতে সম্প্ৰতি ৰাজ্যত সুস্থ হৈ উঠা ব্যক্তিৰ সংখ্যা ১৫৩৭ জনলৈ বৃদ্ধি পায় । আনহাতে বৰ্তমানো চিকিৎসাধীন হৈ আছে ১৮৮৩ গৰাকী লোক ।

You might also like