নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰীত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

নিয়মীয়া বাৰ্তা, ২১ জুন : অভয়াপুৰী চহৰৰ আশীৰ্বাদ ভৱনত স্বস্তি যোগ কেন্দ্ৰৰ উদ্যোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । এই বৰ্ষৰ থীম নিজৰ আৰু সমাজৰ বাবে যোগাসন । আজিৰ এই যোগ দিৱসত অভয়াপুৰীৰ বহু বিশিষ্ট লোকে অংশ লয় । অনুষ্ঠানত স্বস্তি যোগ কেন্দ্ৰৰ পৰিচালক বিনীতা গোস্বামীয়ে কয় যে আমাক জীয়াই থাকিবলৈ আহাৰ লাগে৷ কিন্তু ভালকৈ, নিৰোগী হৈ আৰু এটা শক্তিশালী মন লৈ জীৱন যাপন কৰিবলৈ আমাক যোগাভ্যাসৰ প্ৰয়োজন ৷ সমাজত শান্তিৰ বাবে, মানৱতা ৰক্ষাৰ বাবেও আমি যোগ কৰিব লাগিব ৷ বুদ্ধিমত্তা, মন, আৱেগ আৰু ইচ্ছাশক্তি- এই আটাইবোৰলৈ অনুশাসন আনি সুশৃংখলাবদ্ধ কৰিব পৰা অভ্যাসটোৱে হৈছে যোগাভ্যাস ।

প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like