🔹 ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাৰ প্রতিবেদন
বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : অসমত যুৱপ্রজন্মৰ মাজত অভিলেখ হাৰত হ্রাস পাইছে নিবনুৱাৰ হাৰ৷ নিবনুৱাৰ হাৰ হ্রাসৰ নিৰিখত অসমৰ স্থান সমগ্র দেশৰ ভিতৰতে শীর্ষত৷ যোৱা দুবছৰত অসমত হ্রাস পাইছে ১১.৮ শতাংশ নিবনুৱা৷ ২০২১ আৰু ২০২৩ চনৰ তুলনামূলক বিশ্লেষণেৰে ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাই অলপতে এক প্রতিবেদনযোগে এই তথ্য প্রকাশ কৰিছে৷ অৱশ্যে প্রতিবেদনখনত অসমৰ বাবে এক উদ্বেগজনক বিষয়ো পোহৰলৈ আহিছে৷ সেয়া হৈছে লেবাৰ ফ’ৰ্চ পার্টিচিপেচন ৰেট (এল এফ পি আৰ) অর্থাৎ শ্রম শক্তি অংশগ্রহণৰ হাৰত অসমত পুৰুষতকৈ মহিলা অতিশয় পিছপৰি আছে৷ এক কথাত ক’বলৈ গ’লে কর্মক্ষেত্রত দেশৰ ভিতৰত আটাইতকৈ পিছপৰি আছে ৰাজ্যৰ মহিলাসকল৷ লক্ষণীয়ভাৱে প্রতিবেদনখনত মহিলাসকলৰ বাবে এল এফ পি আৰক দুটা শিতানত ভাগ কৰি লোৱা হৈছে৷ এটা হৈছে ১৫–১৯ বছৰীয়া শিতান, য’ত মহিলাসকলৰ শ্রম শক্তিত যোগদান কিমান? আনটো হৈছে শ্রম শক্তিত পুৰুষৰ তুলনাত মহিলাৰ যোগদান৷ দুয়োটা শিতানত অসমত মহিলাসকল দেশৰ ভিতৰত আটাইতকৈ পিছপৰি আছে৷ ১৫–১৯ বছৰীয়া শিতানত দেখা গৈছে শ্রম শক্তিত অসমত মহিলাসকলৰ যোগদান যোৱা দুবছৰত ৯.৫ শতাংশ হ্রাস পাইছে৷ আনহাতে, ১৫–৫৯ বছৰীয়া শিতানত পুৰুষৰ তুলনাত শ্রম শক্তিত মহিলাসকলৰ যোগদান মাত্র ১৮ শতাংশ৷ অর্থাৎ ৰাজ্যৰ এশজন কর্মৰত লোকৰ ভিতৰত ৮২ শতাংশই হৈছে পুৰুষ আৰু ১৮ শতাংশ হৈছে মহিলা৷ ইয়াৰ বিপৰীতে উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহত শ্রম শক্তিত মহিলাৰ যোগদান পুৰুষতকৈ কম হ’লেও যথেষ্ট উন্নত৷ উদাহৰণস্বৰূপে মেঘালয়ৰ শ্রম শক্তিত ৪৫ শতাংশ মহিলাৰ যোগদান আছে৷ তেনেদৰে চিকিম আৰু নাগালেণ্ডত মহিলাৰ যোগদান হৈছে ৪৪ শতাংশ৷ অৰুণাচল প্রদেশ, মিজোৰাম আৰু ত্রিপুৰাৰ বাবে এই হাৰ হৈছে ক্রমে ৪২, ৩৯ আৰু ৩২ শতাংশ৷ উল্লেখ্য যে সামগ্রিকভাৱে দেশৰ শ্রম শক্তিত মহিলাৰ যোগদান হৈছে ৩২ শতাংশ৷ দেশত পিছ পৰি থকা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য হিচাপে অসমৰ পাছত মণিপুৰত মহিলাৰ যোগদান হৈছে ৩১ শতাংশ৷ সি যিয়েই নহওক, যোৱা দুবছৰত অসমত নিবনুৱাৰ হাৰ অভিলেখসংখ্যক হ্রাস পোৱাটো ৰাজ্যখনৰ বাবে নিঃসন্দেহে এক উৎসাহজনক বিষয়৷ অসমৰ পাছতে দ্বিতীয় স্থানত আছে দিল্লী৷ ৰাজ্যখনত নিবনুৱাৰ হাৰ যোৱা দুবছৰত হ্রাস পাইছে ৯.৮ শতাংশ৷ ইয়াৰ বিপৰীতে তালিকাৰ অন্তিম স্থানত থকা হাৰিয়ানা, গোৱা আৰু কর্ণাটকত যোৱা দুবছৰত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ক্রমে ২.২, ১.৬ আৰু ০.৪ শতাংশ৷ লক্ষণীয়ভাৱে মূলতঃ শ্রম শক্তিৰ ওপৰত প্রকাশিত প্রতিবেদনখনত উচ্চ শিক্ষাত নামভর্তিৰ হাৰৰো এক তুলনামূলক পৰিসংখ্যা দাঙি ধৰা হৈছে৷ দেখা গৈছে ২০২০ চনৰ তুলনাত ২০২১ চনত অসমত উচ্চ শিক্ষাত নামভর্তিৰ হাৰ ৪.১ শতাংশ বৃদ্ধি পাইছে৷ ২০২০ চনত অসমত ১১ লাখ ছাত্র–ছাত্রীয়ে উচ্চ শিক্ষাৰ বাবে নামভর্তি কৰিছিল৷ ২০২১ চনত এই পৰিসংখ্যা ১২ লাখলৈ বৃদ্ধি পাইছে৷