চাহ বাগিচাত স্থাপন হ’ব ১১৯খন হাইস্কুল
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: দেশৰ স্বাধীনতাৰ পিছত প্রথমবাৰৰ বাবে অসম চৰকাৰে ৰাজ্যৰ চাহ বাগিচা অঞ্চলত হাইস্কুল স্থাপনৰ বাবে অগ্রসৰ হৈছে৷ বিগত সময়ছোৱাত ৰাজ্যৰ চাহ বাগিচাসমূহত প্রাথমিক শিক্ষানুষ্ঠানসমূহেই শিক্ষা গ্রহণৰ সর্বোচ্চ শিক্ষা প্রতিষ্ঠান আছিল৷ ফলত চাহ শ্রমিকসকলৰ সিংহভাগ লোকেই প্রাথমিক শিক্ষা গ্রহণ কৰিয়েই শিক্ষা জীৱনৰ সমাপ্তি ঘটাবলগীয়া হৈছিল৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই জনগোষ্ঠীৰ সর্বাংগীণ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰে৷
শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত স্বৰাজোত্তৰ কালত প্রথমবাৰৰ বাবে বাগিচা অঞ্চলত হাইস্কুল স্থাপনৰ পদক্ষেপ গ্রহণ কৰে৷ সেই অনুসৰি ৰাজ্যৰ চাহ বাগিচাত ১১৯খন হাইস্কুল স্থাপনৰ কাম হাতত লোৱা হৈছে৷ শিক্ষামন্ত্রী ড০ শর্মাই এখন সংবাদ মেলত কয় যে অহা ২ অক্টোবৰত চাহ বাগিচাত ১১৯খন হাইস্কুলৰ কাম আৰম্ভ কৰা হ’ব৷ মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাই একে সময়তে আটাইকেইখন হাইস্কুল স্থাপনৰ কাম আৰম্ভ হ’ব৷ গড়কাপ্ঢানী বিভাগে ইয়াৰ বাবে নিবিদা আহ্বান কৰিছে৷ কোনো স্থানত ঠিকাদাৰ নাহিলেও কাম যাতে পিছুৱাই নাযায়, তাৰ বাবে জিলা উপায়ুক্তসকলক নির্মাণ কমিটী গঠন কৰি কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে৷
প্রতিখন হাইস্কুল স্থাপনত ব্যয় হ’ব ১.১৯ কোটি টকা৷ অহা ৬–৭ মাহৰ ভিতৰত উক্ত হাইস্কুলকেইখনৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ অহা বছৰৰ ১ এপ্রিলৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবর্ষত পাঠদান আৰম্ভ কৰাৰ লক্ষ্যৰে বিদ্যালয়কেইখনৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ ব্যৱস্থা কৰা হ’ব৷ তদুপৰি ভৱিষ্যতে নতুন ৰাষ্ট্রীয় শিক্ষানীতি অহাৰ লগে লগে সেই বিদ্যালয়তে যাতে উচ্চতৰ মাধ্যমিক শাখাও আৰম্ভ কৰিব পৰা যায়, বিদ্যালয়কেইখনৰ ড্রয়িঙত সেই ব্যৱস্থাও ৰখা হৈছে৷