নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত পিতা-পুত্ৰৰ ১২ হত্যাকাৰীক সশ্ৰম কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : বিলাসীপাৰা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক  ৰায়দান। চৰুৱাবাখৰা গাঁৱৰ  পিতা-পুত্ৰ হত্যাৰ ১২ অভিযুক্তক বিহিলে ৮ বছৰৰ সশ্ৰম কাৰাদণ্ড। ছলেমান আলী, হজৰত আলী, আব্দুল খালেক,  শ্বাহজাহান আলী,  আফছেৰ আলী,  আবু বাক্কাৰ ছিদ্দিক, লালচান আলী, আবুশামা,  কাদেৰ আলী, আমান আলী, মনোৱাৰ হুছাইন আৰু  আব্দুল কাদেৰক  সশ্ৰম কাৰাদণ্ডৰ ৰায় বিলাসীপাৰা  আদালতৰ। অভিযুক্তৰ ভিতৰত আব্দুল কাদৰে পশ্চিম শালকোচা এম ই স্কুলৰ প্ৰধান শিক্ষক। প্ৰত্যকজন অভিযুক্তক ৮ বছৰৰ কাৰাদণ্ডৰ উপৰি ২০ হাজাৰ টকাকৈ জৰিমনা আদালতৰ। চৰকাৰী অধিবক্তাৰ পৰা জানিব পৰা মতে, ২০০৯ চনত বিলাসীপাৰাৰ চৰুৱাবাখৰা গাঁৱত সংঘটিত হৈছিল পিতা-পুত্ৰৰ হত্যা কাণ্ডৰ এক মৰ্মান্তিক ঘটনা। চৰুৱাবাখৰা বজাৰত একেইখন গাঁৱখনৰ জছেৰ আলী (পিতা) আৰু শ্বাহজামাল আলী (পুত্ৰ)ক অতি নিৰ্মমভাৱে মাৰপিট কৰা হৈছিল। মাৰপিটৰ কিছু সময় পিছতেই মৃত্যু হৈছিল পিতা-পুত্ৰৰ। ঘটনাৰ পিছতে চাপৰ থানাত জছেৰ আলী  আৰু শাজামাল আলীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ। চাপৰ আৰক্ষীয়ে ১২৮/২০০৯ত গোচৰ ৰুজু কৰি আৰম্ভ  কৰিছিল তদন্ত। ছেচন কেচ ৮৬/২০১৩  আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭/১৪৮/১৪৯/৩৪৪/৩৬৫/৩০২/৩২৩ নং ধাৰাৰ অধীনত আজি বিলাসীপাৰা জিলা আৰু সত্ৰ ন্যায়ধীশ ফাৰাহানা ছুলতানাৰ বিচাৰপীঠে চূড়ান্ত  ৰায়দান  কৰে। সুদীৰ্ঘ  ১৫ বছৰ পিছত ন্যায় পোৱা জছেৰ আলী আৰু শ্বাহজামাল আলীৰ পৰিয়াল আৰু আত্মীয়ই আদালতৰ এই ঐতিহাসিক ৰায়ক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে ভুক্তভোগী পৰিয়ালৰ হকে চৰকাৰী অধিবক্তা তপন ভট্টাচার্যই সবল যুক্তি দৰ্শাইছিল।
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like