নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেখকে অন্যায়ৰ প্রতিবাদ কৰিলেহে সমাজে পাব দিকনিৰ্দেশনা

১২ দিনীয়া গ্রন্থ উৎসৱত ৫ কোটিৰ গ্রন্থ বিক্রীৰে অভিলেখ

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ ‘অসহিষ্ণুতা পৃথিৱীৰ ভিন্ন প্রান্তত দেখা যায়৷ চীন, ফ্রান্স, জার্মান আদি সকলো দেশতেই আছে অসহিষ্ণুতা– এয়া একপক্ষীয় নহয়৷ লেখক–সাহিত্যিকসক সকলো অন্যায়ৰে প্রতিবাদ কৰাৰ সাহস প্রদান কৰিব পাৰিব লাগিব৷ তেতিয়াহে সমাজ জীৱনে উচিত দিক্ নির্দেশনা লাভ কৰিব৷’ –এই মন্তব্য ২০২১–২২ বর্ষৰ জ্ঞানপীঠ বঁটা  বিজয়ী সাহিত্যিক দামোদৰ মাউজোৰ৷ দেওবাৰে অসম গ্রন্থমেলাৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে গ্রন্থমেলাখনত পাঠকৰ সঁহাৰি দেখি অভিভূত হৈ পৰিছে৷ গ্রন্থমেলা মানেই কিতাপৰ মহোৎসৱ৷ লেখক, পাঠক আৰু প্রকাশকৰ মনসংযোগ ঘটে গ্রন্থমেলাৰ বাকৰিত৷ নতুন ধ্যান–ধাৰণাৰ আদান–প্রদান ঘটে৷ যাৰ বাবে ভাষা–সাহিত্যই নতুন দিশৰ উমান ল’ব পাৰে৷ তদুপৰি সাহিত্যত সমালোচনাৰ অত্যন্ত প্রয়োজন বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘সাহিত্যৰ সমালোচনা হ’লেহে সাহিত্যৰ প্রকৃত মূল্যায়ন হয়৷ নতুন সাহিত্য অধ্যয়নৰ জৰিয়তে বহু শব্দ শিকাৰ সুযোগ লাভ কৰিব পাৰি৷ সেয়েহে মই নতুন নতুন গ্রন্থৰ সোৱাদ লওঁ৷’

সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই কয় যে অসম গ্রন্থমেলাৰ সফল সমাপ্তি বৌদ্ধিক জগতৰ বাবে শুভ সংবাদ৷ ক’ভিড মহামাৰীৰ প্রত্যাহ্বানৰ মাজতে গ্রন্থৰ বিক্রীয়ে ৫ কোটিৰ ঘৰ স্পর্শ কৰিব পৰা বুলি জানি তেওঁ আনন্দ প্রকাশ কৰি কয় যে ইয়ে প্রমাণ কৰিছে যে ৰাজ্যত কিতাপ পঢ়াৰ সংস্কৃতি গঢ় লৈ উঠিছে৷ তেওঁ লগতে কয়– ‘নতুন প্রজন্মৰ আকর্ষণৰ সৈতে ৰজিতা খুৱাই সেইধৰণৰ গ্রন্থ প্রকাশ কৰি তেওঁলোকৰ মনৰ চাহিদা পূৰণ কৰিব লাগিব৷ অসম প্রকাশন পৰিষদে শেহতীয়াকৈ ইউ টিউবত অসমীয়া যুগজয়ী সাধুকথাবোৰক দৃশ্য–শ্রাব্যৰ জৰিয়তে সংৰক্ষণ কৰি এয়া নতুন প্রজন্মৰ বাবে সুলভ কৰাটো এক মহৎ কর্ম৷ এইধৰণৰ নতুন চিন্তাৰে আগবাঢ়ি অধ্যয়নৰ সংস্কৃতি গঢ় দিয়া আৰু ইয়াৰ প্রসাৰ ঘটোৱাৰ কাম কৰিব লাগিব৷’ ইপিনে এই অনুষ্ঠানতে উপস্থিত থকা আন এগৰাকী বিশিষ্ট সাহিত্যিক বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয়– ‘অসমীয়া ভাষা বহু উচ্চ পর্যায়ৰ৷ সেই বাবে আমি গৌৰৱান্বিত৷ ভাষা–সাহিত্যৰ গতিশীলতা থকা বাবেই এনে এখন সফল গ্রন্থমেলা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ হৈ উঠিছে৷’

বর্তমানৰ ইণ্টাৰনেটযোগে শিকন আৰু পঠনত প্রভাৱ পেলোৱা বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে ই–শিকন, ই–পঠনৰ এই উত্তৰ আধুনিক কালে ছপা মাধ্যমৰ ওপৰত চাপ সৃষ্টি কৰিছে৷ এয়া অতিক্রম কৰিবলৈ কথাবোৰ নতুনকৈ ভাবিব লাগিব৷ পৰিৱর্তিত সভ্যতাৰ সৈতে খোজ মিলাই গ্রন্থৰ জগতখনক জীয়াই ৰাখিব লাগিব আৰু এই জগতখনৰ কোনোদিনে ইতি নপৰে৷ অসম গ্রন্থমেলাত কিতাপৰ বিক্রীৰ হাৰে ইণ্টাৰনেট যুগতো গ্রন্থৰ ভৱিষ্যৎ যে সুৰক্ষিত, সেয়া নিশ্চিত কৰিছে বুলিও তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে৷ সামৰণী অনুষ্ঠানত সভাপতিত্ব কৰা অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয় যে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে অসম গ্রন্থমেলা অনুষ্ঠিত কৰি এক নতুন ইতিহাস ৰচনা কৰিলে৷ ইয়ে ভাষা–সাহিত্য আৰু গ্রন্থ উদ্যোগৰ ক্ষেত্রখনলৈ শুভবার্তা প্রেৰণ কৰিছে৷ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰান আহমেদে ভাষণ প্রদান কৰি কয় যে গ্রন্থমেলা লেখক, পাঠক আৰু প্রকাশকৰ মিলন মেলা৷ অসম গ্রন্থ মেলাতো এই কথাই প্রতিফলিত হৈছে৷ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সামৰণী অনুষ্ঠানৰ আঁত ধৰে প্রবোধ দাসে৷ উল্লেখ্য যে যোৱা ২৯ ডিচেম্বৰৰ পৰা অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ চানমাৰিস্থিত খেলপথাৰত ১২ দিনীয়াকৈ আয়োজন কৰা হৈছিল অসম গ্রন্থমেলা৷

ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ প্রকাশন পৰিষদ আৰু পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে এই অসম গ্রন্থমেলাৰ আয়োজন কৰিছিল৷ গ্রন্থমেলাৰ আটাইকেইটা দিনতে পাঠকৰ পৰা অভূতপূর্ব সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছিল৷ অসম প্রকাশন পৰিষদৰ তথ্য অনুসৰি এই ১২ দিনত ৫ কোটিৰো অধিক টকাৰ গ্রন্থ বিক্রী হৈছে৷ তদুপৰি গ্রন্থমেলাৰ বাকৰিতে উন্মোচন কৰা হৈছে ন–পুৰণি লেখকৰ বহুকেইখন গ্রন্থ৷ অসম প্রকাশন পৰিষদে প্রকাশ কৰা কেইবাখনো বহুমূলীয়া গ্রন্থ এইবাৰ গ্রন্থমেলাৰ বাকৰিতে উন্মোচন কৰা হৈছে৷ এই গ্রন্থসমূহে পাঠকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি৷ তদুপৰি কেইবাজনো নতুন সাহিত্যিকৰ গল্প–উপন্যাসৰ সংকলনেও এইবাৰ পাঠক সমাজৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷ গ্রন্থমেলাৰ অন্তিমটো দিনতো উন্মোচন হয় কেইবাখনো গুৰুত্বপূর্ণ গ্রন্থ৷ আজি নৱ কুমাৰ তালুকদাৰৰ ‘অ’ ডেকাবন্ধু’ শীর্ষক গ্রন্থ উন্মোচন কৰা হয়৷ গ্রন্থমেলাৰ অন্তিমটো দিনত সাংস্কৃতিক কার্যসূচী উদ্বোধন কৰে সাংস্কৃতিক কর্মী গৰিমা শইকীয়া গার্গে৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অভিনেত্রী মলয়া গোস্বামী৷ গ্রন্থমেলাৰ আটাইকেইটা দিনতে অনুষ্ঠিত হয় মনোগ্রাহী আলোচনা–চক্র৷

You might also like