নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ জানুৱাৰীলৈ কৃষি বিশ্ববিদ্যালয়ত পাঠদান বন্ধ

উজনিৰ দুই শিক্ষানুষ্ঠানত ক’ভিডৰ ব্যাপক সংক্রমণ

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ যোৰহাটত দ্রুতগতিত বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা৷ আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ ১১ আৰু ১২নং ছাত্রী নিৱাসৰ ৪৪গৰাকী ছাত্রীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ইতিমধ্যে দুয়োটা ছাত্রী নিৱাস কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে যোৰহাট জিলা প্রশাসনে৷ উল্লেখ্য যে কালি ছাত্রী নিৱাস দুটাৰ ৫গৰাকী ছাত্রীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত আজি দুয়োটা ছাত্রী নিৱাসৰ ছাত্রীৰ ক’ভিড টেষ্ট কৰা হয় আৰু আন ৩৯গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ ইয়াৰে এগৰাকী অসুস্থ হৈ পৰা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ ইয়াৰ পাছতে সমগ্র বিশ্ববিদ্যালয়খনতে উত্তেজনাইবিৰাজ কৰিছে৷ ইফালে বিশ্ববিদ্যালয়খনত বর্তমান কেইবাটাও পৰীক্ষা চলি থকা বাবে আজি নিশালৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকতে অহা ২০ জানুৱাৰী পর্যন্ত বিশ্ববিদ্যালয়খনত পাঠদান কার্য বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি জানিব পৰা গৈছে৷ অৱশ্যে অনলাইন পাঠদান প্রক্রিয়া অব্যাহত থাকিব উচ্চ শিক্ষানুষ্ঠানখনত৷ লগতে কণ্টেইনমেণ্ট জ’নক বাদ দি আন হোষ্টেলসমূহ খালী কৰাৰ নির্দেশ দিয়া হৈছে৷
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৮টা ছাত্রী নিৱাসক কনটেহনমেণ্ট জ’ন ঘোষণা
উজনি অসমৰ ডচ্চ শিক্ষাৰ বৌদ্ধিক প্রাণকেন্দ্র ডিব্রুগড় বিশ্ববিদ্যালয় ক’ভিডৰ ভয়ংকৰ সংক্রমণে কিছুদিন ধৰি আতংকিত কৰি তোলাৰ মাজতে আজি ডিব্রুগড় জিলা প্রশাসনে কেহবাটাও ছাত্রী নিৱাসক মাহক্র’ কনটেহনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ বিগত তিনি দিনত ডিব্রুগড় বিশ্ববিদ্যালয়ত ক’ভিড–১৯–এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বিশ্ববিদ্যালয়খনত এহপর্যন্ত ১৬গৰাকী ছাত্রীসহ দুগৰাকী মহিলা আক্রান্ত হৈছে ক’ভিডত৷ জানিব পৰা মতে, ডিব্রুগড় বিশ্ববিদ্যালয়ত আহদেড সন্দিকৈ ছাত্রী নিৱাসৰ তত্ত্বাৱধায়ক আৰু জয়মতী ছাত্রী নিৱাসৰ মেড্রনৰ দেহত চিনাক্ত হৈছে ক’ভিডৰ অৱস্থিতি৷ তথ্য অনুসৰি আহদেড সন্দিকৈ ছাত্রী নিৱাসত ৭গৰাকী, জয়মতী ছাত্রী নিৱাসত ৩গৰাকী, স্বর্ণলতা বৰুৱা ছাত্রী নিৱাসত ২গৰাকী, নিড গার্লছ ছাত্রী নিৱাসত ২গৰাকী, পুষ্পলতা দাস ছাত্রী নিৱাসত এগৰাকী আৰু নলিনীবালা দেৱী ছাত্রী নিৱাসৰ এগৰাকী ছাত্রীৰ শৰীৰত ক’ভিড পজিটিভ চিনাক্ত হৈছে৷ বিশ্ববিদ্যালয়খনত ভয়ংকৰ ক’ভিড সংক্রমণৰ পাছতে আজি বিয়লিৰ ভাগত ডিব্রুগড় জিলা প্রশাসনে ক’ভিড সংক্রমিত আটাহকেহটা ছাত্রী নিৱাসক পৰৱর্তী নির্দেশনা জাৰি নকৰালৈকে কনটেহনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে আৱাস জৰুৰীভাৱে খালী কৰাৰ নির্দেশ জাৰি কৰে৷ হয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রশাসনে নির্দেশ জাৰি কৰাৰ পাছতে টালি–টোপোলা বান্ধি ঘৰমুৱা হ’ল বহু ছাত্র–ছাত্রী৷ ৮টাকৈ ছাত্রী নিৱাসক হঠাতে কনটেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পাছতে বিশ্ববিদ্যালয় চৌহদত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়৷দূৰণিবটীয়া শিক্ষার্থীসকলে বাহন বিচাৰি বিয়লি ভিৰ কৰা পৰিলক্ষিত হয় জ্যোতি বাটচ’ৰাত৷ হফালে বিশ্ববিদ্যালয়ত ভয়ংকৰ ক’ভিড সংক্রমণৰ পৰিপ্রেক্ষিতত কাহলৈ অর্থাৎ ১০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ নির্বাচন স্থগিত ৰাখিছে৷

You might also like